নিউজ ডেস্কঃ কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয়ত মঙলবাৰে বিটিচিৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে হঠাৎ উপস্থিত হয় ৷
কোকৰাঝাৰ ৰূপনাথ ব্ৰহ্ম অসামৰিক চিকিৎসালয় পৰিদৰ্শন কৰি কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’-য়ে চিকিৎসকৰ অনিয়মীয়া উপস্থিতি দেখি ক্ষুণ্ণ হৈ পৰে আৰু কৰ্তব্যত ফাঁকি দিয়া চিকিৎসকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি দাবী কৰিছে।
কাৰ্যবাহী সদস্য অৰূপ কুমাৰ দে’-য়ে জানিব দিয়ে যে কৰ্তব্যত ফাঁকি দি যিসকল চিকিৎসক নাৰ্ছিংহোমত বহে বা প্ৰাইভেট চেম্বাৰত প্ৰেক্টিছ কৰে তেনে চিকিৎসকৰ দৰমহা বন্ধ বা নিলম্বন কৰা হ’ব লগতে কৰ্তব্যত গাফিলতি নচলিব বুলিও মন্তব্য কৰে ৷
ইয়াৰ উপৰিও চিকিৎসালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰা হ’ব বুলি ঘোষণা কৰে অৰূপ কুমাৰ দে ৷
উল্লেখ্য, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ২০০ কোটিতকৈ অধিক বকেয়া ধন আদায় দিবলৈ বাকী থকাৰ পিছতো আৰু স্বাস্থ্য বিভাগৰ উন্নতি হকে বহু আঁচনি গ্ৰহণ পিছতো স্বাস্থ্যখণ্ডৰ পয়ালগা অৱস্থাত দেখি আশ্চৰ্য প্ৰকাশ কৰে ৷