ৰাজ্যৰ অগ্ৰণী সামাজিক, সাংস্কৃতিক অনুষ্ঠান ‘জোনাকী বাটেৰে অসম’ৰ দ্বিতীয় বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি কালজয়ী গীতৰ স্ৰষ্টাসকললৈ শ্ৰদ্ধাঞ্জলি জনোৱাৰ লক্ষ্যৰে যোৱা ৭ এপ্ৰিলত গুৱাহাটীৰ লক্ষীৰাম বৰুৱা সদনত অসম ভিত্তিত নিৰ্বাচিত গীতিকাৰ সকলৰ গীতৰ একক আৰু সমবেত সংগীতৰ এখনি প্ৰতিযোগিতা সফলতাৰে অনুষ্ঠিত হৈ যায়। এগছি বন্তি প্ৰজ্বলনেৰে প্ৰতিযোগিতাখন উদ্বোধন কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ সূৰ্যকান্ত হাজৰিকা আৰু বৰেণ্য শিল্পী বিপুল বৰুৱাই। লগতে বৰেণ্য গীতিকাৰ সকলৰ চৰণত বন্তি প্ৰজ্বলন কৰে অসমৰ সংগীত জগতৰ সাধক, শিল্পী ক্ৰমে – `জোনাকী বাটেৰে’ৰ উপদেষ্টা সূৰ্য গোস্বামী, অৱনী ৰঞ্জন পাঠক, তফজ্জুল আলীৰ পুত্র ৰুবায়ৎ আলী, ৰুদ্ৰ বৰুৱাৰ পুত্ৰ স্বপ্ননীল বৰুৱা, জেষ্ঠ্য শিল্পী জে. পি. দাসে। এই উপলক্ষে অনুষ্ঠিত অনুষ্ঠানৰ আঁত ধৰি অনুষ্ঠানৰ সভাপতি তথা শিল্পী প্ৰণতি বৰুৱাই জয়ামনি ভৰালী আৰু দিপলিপ ওজা দেৱীৰ লগত লগ হৈ জন্ম দিয়া “জোনাকী বাটেৰে”—এক সামাজিক সাংস্কৃতিক যাত্ৰাৰ জন্মকথা আৰু উদ্দেশ্য বাখ্যা কৰে।
আনহাতে প্ৰতিযোগিতাখনিত অসমৰ বিভিন্ন স্থানৰ পৰা অহা প্ৰায় শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে। প্ৰতিযোগীতাত বিচাৰকৰ আসন গ্ৰহণ কৰে অসমৰ সংগীত জগতৰ প্ৰতিষ্ঠিত শিল্পী ক্ৰমে – নমিতা ভট্টাচাৰ্য্য আৰু নন্দিতা শৰ্মা। প্ৰতিযোগিতাখনিত “জোনাকী বাটেৰে” —-অসমৰ তৰফৰ পৰা আধুনিক গীতৰ বিজয়ী প্ৰতিযোগী সকলক দুয়োটা শাখাতে একোটাকৈ ট্ৰফী, মানপত্ৰ ,গীতৰ পুথি আৰু মানধন ক্ৰমে – ১০ হাজাৰ , ৮ হাজাৰ আৰু ৬ হাজাৰ টকা প্ৰদান কৰা হয় ।তেনেদৰে সমবেত সংগীতৰ স্থান প্ৰাপ্ত প্ৰতিযোগীসকলক মানধন ক্ৰমে – ১৫ হাজাৰ টকা, ১২ হাজাৰ। আৰু ১০ হাজাৰ টকা প্ৰদান কৰাৰ লগতে একোটাকৈ ট্ৰফী, একোখনকৈ “ভূপেন হাজৰিকাৰ গীত সমগ্ৰ” পুথি প্ৰদান কৰা হয়। আনহাতে প্ৰতিযোগিতাৰ ফলাফল অনুসৰি আধুনিক গীতৰ ফলাফলত ক শাখাত গৰিমা বেজবৰুৱাই প্ৰথম, কস্তুৰী কিঙ্কিণী দত্তই দ্বিতীয় আৰু বৃষা ভৰদ্বাজে তৃতীয় স্থান লাভ কৰে। উদ্গনি বঁটা লাভ কৰে ক্ৰমে- কাংক্ষিতা শৰ্মা, উপাসনা বৰ্মন, সম্প্ৰীতি হাজৰিকাই। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে প্ৰদত্তা দেই। তেনেদৰে খ শাখাত নেহা ভাগৱতীয়ে প্ৰথম , কুঁৱলী দাসে দ্বিতীয় আৰু
ভাৰ্গৱী গোস্বামীয়ে তৃতীয় স্থান লাভ কৰে। উদ্গনি বঁটা লাভ কৰে ক্ৰমে – ডেভিদ সিংহ, অৰ্চিত বিক্ৰম কাশ্যপ, শিৱা কৰ্মকাৰে। বিচাৰকৰ বিশেষ বঁটা লাভ কৰে পাঞ্চুৰিকা প্ৰিয়দৰ্শিনীয়ে। প্ৰতিযোগিতাৰ `জোনাকী কণ্ঠ’ বঁটা লাভ কৰে কস্তুৰী কিঙ্কিণী দত্তই।
সমবেত সংগীত প্ৰতিযোগিতাৰ ফলাফল অনুসৰি দৃষ্টিপ্ৰিয়া গগৈৰ দলে প্ৰথম, অজিত দাসৰ দলে দ্বিতীয় আৰু অনুলতা নাথৰ দলে তৃতীয় স্থান লাভ কৰে । উদ্গনি বঁটা লাভ কৰে ক্ৰমে – বেউলা শিল্পী গোষ্ঠী, অলকানন্দা ৰাজবংশী, সুস্মিতা কাশ্যপৰ দলে। চুটিগল্প প্ৰতিযোগিতাত সিদ্ধাৰ্থ দাসে প্ৰথম, বীনা পাঠকে দ্বিতীয় আৰু কৰবী বৰা কলিতাই তৃতীয় স্থান লাভ কৰে। অনুষ্ঠানটোত দেৱজিত দাস, জে. খণ্ডকাৰ, মৃগাংক ভূঞা, পূৰ্ণিমা ডেকা, জয়ামনি ভৰালী, পিংকী ডেকা, দিপজ্যোতি বৰা, দিপক চহৰীয়া, সবিতা বৰা, ৰূপজ্যোতি বৰুৱা, ডলী বৈশ্য আৰু আলেখ্য চক্ৰৱৰ্তীয়ে সহযোগিতা আগবঢ়ায়। শেষত শলাগৰ শৰাই আগবঢ়াই উদযাপন সমিতিৰ সভাপতি পৰাগ কুমাৰ বৰ্মনে ।