ধেমাজি জিলাত বানৰ সমান্তৰালকৈ মাৰাত্মক এনকেফ্লাইটিছ আৰু জাপানীজ এনকেফ্লাইটিছ সদৃশ ৰোগৰ প্ৰাদুৰ্ভাৱ ঘটিছে ৷ জিলা স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি বৰ্তমানলৈকে মুঠ ৩০ জন লোকৰ এনকেফ্লাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈছে ৷ ইয়াৰে এজন জাপানীজ এনকেফ্লাইটি ৰোগত মৃত্যু হোৱাৰ লগতে দুজন এনকেফ্লাইটিছ সদৃশ ৰোগৰ ফলত হোৱা মৃত্যুৰ ঘটনাই জিলাখনত আতংকৰ সৃষ্টি কৰিছে ৷ ধেমাজিৰ ৫টা স্বাস্থ্য কেন্দ্ৰ আৰু ৩২টা উপ-স্বাস্থ্য কেন্দ্ৰৰ সমীপৱৰ্তী ৰাইজক এনকেফ্লাইটিছ ৰোগৰ বিৰুদ্ধে সজাগ কৰাৰ বাবে স্বাস্থ্য বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে ৷
ধেমাজি অসামৰিক চিকিৎসালয়ত এনকেফ্লাইটিছ ৰোগীৰ বাবে ইতিমধ্যে ১৫ খন বিচনা সাজু কৰি ৰাখিছে ৷ জিলাখনত বিগত জুন – জুলাই মাহলৈকে ৩০ গৰাকী লোক এনকেফিলাইটিছ সদৃশ ৰোগত আক্ৰান্ত হোৱাৰ বিপৰিতে ৮ গৰাকী এনকেফ্লাইটিছ সদৃশ ৰোগত আক্ৰান্ত হৈ সুস্থ হৈ উঠা বুলি জানিবলৈ দিয়ে ৷