নিউজ ডেস্কঃ সকলো জল্পনা কল্পনাৰ অন্ত পৰিল। অৱশেষত সিদ্ধান্ত সলনি কৰিলে অভিনেতা যতীন বৰাই। বিপিন চাউদাং, জুবিন গাৰ্গে কা আন্দোলনৰ প্ৰতি সকলোকে উৎসাহিত কৰি তুলিবলৈ পৰিকল্পনা হাতত লোৱাৰ পিছত এইবাৰ মন সলনি কৰিছে অভিনেতা যতীন বৰাইও । বি জে পি লৈ উভতি যোৱাৰ সিদ্ধান্ত লৈছে অসম চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ অধ্যক্ষ যতীন বৰাই। শেহতীয়াকৈ কা আন্দোলনত জড়িত হৈ গুৱাহাটীৰ লতাশিল খেলপথাৰত প্ৰতিবাদ কৰি যতীন বৰাই কৈছিল ‘অসমৰ জনতাই মোক যতীন বৰা হিচাপে চিনাকি কৰাই দিছে মই অসমৰ জনতাৰ লগত আছো’।
তাৰপিছতেই বি জে পি ৰ ভিতৰত চ’ৰাত লাগিছিল এক হুৱাদুৱা।লগে লগেই ছ’চিয়েল মিডিয়াতো ব্যাপক সঁহাৰি লাভ কৰিছিল যতীন বৰাই। অসম চলচ্চিত্ৰ বিত্তীয় আৰু উন্নয়ন নিগমৰ অধ্যক্ষৰ পদৰ পৰাও অব্যাহতি দিছিল যতীন বৰাই।
কিন্তু সেই একে গৰাকী যতীন বৰাই হেডলাইন৮ ক টেলিফোন যোগে কৈছে যে তেওঁ কিছু আবেগৰ বৰ্ষবৰ্তী হৈ তেনে সিদ্ধান্ত লৈ পেলালে। অভিনেতাগৰাকীৰ সৈতে হোৱা টেলিফোনিক বাৰ্তাত তেওঁ ক’লে -“এতিয়া আৰু শুধৰণি হ’বই লাগিব । এতিয়া ভাল কাম কৰিব লাগিব । সেইবোৰ আৰু নহ’ব । নিজকে এতিয়া শুধৰাবই লাগিব… ।” এয়া মাথো আমাৰ সৈতে হোৱা টেলিফোনিক বাৰ্তালাপৰ সাৰাংশহে । সমস্ত কথোপকথনৰ জৰিয়তে যতীন বৰাই স্পষ্ট কৰি দিলে যে বিগত দিনত আবেগতে তেওঁ কিছুমান ভুল কৰি পেলালে, এতিয়া আৰু সেই ভুল তেওঁ নকৰে, এতিয়া তেওঁ সলনি হ’ব। দুই এদিনৰ ভিতৰতে সংবাদমেল অনুষ্ঠিত কৰি সকলো কথা স্পষ্ট কৰিব বুলিও হেডলাইন৮ ৰ সাংবাদিকক টেলিফোনযোগে সদৰী কৰিছে এই কথা।