বাংলাদেশী মুছলমানৰ আধিপত্য থকা প্ৰতিটো সমষ্টিতে আৰক্ষীয়ে অভিযান চলালে জেহাদী ওলাব, এই মন্তব্য প্ৰাক্তন বিধায়ক শিলাদিত্য দেৱৰ। আজি হোজাই জিলাৰ লামডিঙত অনুষ্ঠিত ক্ৰীড়া সজাগতা সম্পৰ্কীয় স্পৰ্টচ মটিভেচনেল শীৰ্ষক আলোচনা চক্ৰত অংশগ্ৰহণ কৰাৰ পিচত সাংবাদিকৰ আগত প্ৰাক্তন বিধায়কজনে কয় যে, অসমৰ ৫০ টা সমষ্টিত জেহাদী সোমাই পৰিছে। তেওঁলোকে অসমক বাংলাদেশলৈ কেনেদৰে ৰূপান্তৰিত কৰিব পাৰি তাৰ পৰিকল্পনা কৰিছে।
অসমত হাজাৰ হাজাৰ জেহাদী আছে। আৰক্ষীয়ে অনুসন্ধান কৰি এনে জেহাদীক জেললৈ প্ৰেৰণ কৰিব লাগে। তেওঁ লগতে কয় যে, কংগ্ৰেছ হৈছে AIUDFৰ মাক। AIUDFৰ জন্ম কংগ্ৰেছৰ গৰ্ভৰ পৰা হৈছে, গতিকে মানুহক দেখুৱাবৰ বাবে তেওঁলোকে মাজে মাজে কাজিয়া কৰে যদিও কংগ্ৰেছ আৰু AIUDF দুয়োটা দলেই মুছলমান প্ৰীতি প্ৰমাণ কৰিবলৈ কাজিয়া কৰে।