নিউজ ডেস্কঃ ৰাইজৰ ব্যাপক সঁহাৰিৰে মঙলদৈ য়ুথ ক্লাবত নৱগঠিত ৰাইজৰ দলৰ দৰং জিলাৰ চাৰিওটা বিধানসভা সমষ্টিৰ আহ্বায়ক সমিতি গঠন কৰা হয়। ৰাইজৰ দলৰ ৰাজ্যিক নেতৃবৃন্দক মঙলদৈ চহৰত প্ৰৱেশ কৰাৰ মুহূৰ্তত শোভাযাত্ৰা কৰি আদৰি অনাৰ পিছত মঙলদৈ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ জামালুদ্দিন আহমেদৰ সভাপতিত্বত অনুষ্ঠিত হয় ৰাজহুৱা সভা। আৰু ৰাইজৰ দলৰ ৰাজ্যিক নেতৃত্বৰ উপস্থিতিত দৰং জিলাৰ মঙলদৈ, ছিপাঝাৰ, দলগাঁও, কলাইগাঁৱৰ ৰাইজৰ দলৰ আহ্বায়ক সমিতি গঠন কৰা হয়।
ৰাজ্যিক আহ্বায়ক অলক নাথে উদ্দেশ্য ব্যাখ্যা কৰা এই সভাত বিশিষ্ট অধিবক্তা অৰূপ বৰবৰাই কয়, ‘’অসম জাতীয় পৰিষদ (এজেপি) আৰু ৰাইজৰ দলৰ লক্ষ্য, উদ্দেশ্য একেই। এই দুয়োটা দলেই বিচাৰে সাম্প্ৰদায়িক ৰাজনীতি কৰা আৰ এছ এছ, বিজেপি আৰু অগপক ওফৰাই, দুৰ্নীতি–ভ্ৰষ্টাচাৰৰ নায়ক কংগ্ৰেছ-এ আই ইউ ডি এফক প্ৰতিহত কৰি অসমত আপোচবিহীন সন্মিলিত আঞ্চলিকতাবাদী সত্ত্বা পুনৰ প্ৰতিষ্ঠা কৰিব লাগিব।
নিৰ্বাচনত অৱতীৰ্ণ হ’বলৈ কোন সমষ্টি ঠিক কৰিছে বুলি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত অভিনেত্ৰী গৰাকীয়ে কয় – “এই মুহূৰ্তত মোৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ উদ্দেশ্য নাই। সেইটো ভাবি ৰাইজৰ দলত অহা নাই। মই এতিয়া প্ৰতিখন জিলাত আহ্বায়ক সমিতি গঠন কৰাৰ সময়ত লগত থকাই প্ৰধান কাম।”