অসম লেখিকা সমাজৰ সভাপতি পদুমী গগৈৰ পৌৰোহিত্যত আজি এখন কাৰ্যনিৰ্বাহক সভাত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আন্তৰ্জাতিক খিলঞ্জীয়া দিৱসৰ লগত সংগতি ৰাখি অসম লেখিকা সমাজে মাটি-মানুহ-সমন্বয় দিৱস উদযাপন কৰিবলৈ মনস্থ কৰে। উক্ত অনুষ্ঠানতে অসম লেখিকা সমাজে প্ৰথমবাৰৰ বাবে লোকবন্ধু লম্বোধৰ কামান সোঁৱৰণি মাটি-মানুহ- সমন্বয় বঁটা যুটীয়াভাৱে প্ৰদান কৰিব সংগীত শিল্পী জীনা ৰাজকুমাৰী আৰু সাংবাদিক-সাহিত্যিক বৰছিং ৰংফাৰক।
বৰছিং ৰংফাৰৰ ‘কাৰবি আংলঙৰ ৰাজনৈতিক ইতিহাস’গ্ৰন্থৰ বাবে আৰু জীনা ৰাজকুমাৰীয়ে অসমৰ বিভিন্ন জনগোষ্ঠীয় বসন্তকালীন গীত-মাত অসমৰ ভিতৰে-বাহিৰে জনপ্ৰিয় কৰি তোলাত বিশেষ ভূমিকা গ্ৰহণ কৰাৰ বাবে এই সন্মান প্ৰদান কৰা হৈছে।