‘অসমৰ লোকৰ বাবে, দেশৰ প্ৰতিগৰাকী লোক স্বাস্থ্যৱান হৈ থাকিবলৈ, সুখী হৈ থাকিবলৈ আৰু উন্নতি কৰাৰ বাবে মই আজি ইয়াত আহি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো।
মই ভাগ্যৱান যে মই এই মন্দিৰ দৰ্শন কৰিবলৈ সুযোগ পালো।
আৰু বিশেষকৈ মোৰ পূৰ্ব প্ৰজন্ম আৰু মোৰ পৰিয়াল জগন্নাথ পুৰীৰ যথেষ্ট ভক্ত, তেওঁৰ আৰ্শীবাদতে ইয়াত তেওঁৰ স্বৰূপ হিচাপে এই মহাস্থানটোক ভক্তি কৰো।
মোৰ পূৰ্ব প্ৰজন্মই পুৰীৰ ভিতৰত এটা মন্দিৰ নিৰ্মাণ কৰিছিল।’- হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰত আশীষ লৈ এই মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষক জীতেন্দ্ৰ সিঙৰ।
‘আগন্তুক নিৰ্বাচনত নিশ্চিতভাৱে কংগ্ৰেছৰ চৰকাৰে গঠন হ’ব।’- সংবাদ মাধ্যমৰ সন্মুখত এই মন্তব্য প্ৰদান কৰে সিঙে।
‘বৰ্তমান কোনোধৰণৰ মিত্ৰতাৰ কথা আলোচনা হোৱা নাই।
মিত্ৰতাৰ সিদ্ধান্ত অখিল ভাৰতীয় কংগ্ৰেছ কমিটীয়ে কৰে আৰু কিহৰ আধাৰত কৰে সেয়া।
সেয়া দলৰ সৈতে হওক বা সংগঠনৰ সৈতে হওক, আন কোনো দলৰ সৈতে হওক।
কংগ্ৰেছৰ কৰ্মীসকলৰ ভাৱ-ধাৰণা লৈহে সিদ্ধান্ত গ্ৰহণ কৰা হয়।
কংগ্ৰেছ-AIUDFৰ মিত্ৰতা হাইকমাণ্ডেহে চূড়ান্ত কৰিব।’- এই মন্তব্য প্ৰদান কৰে প্ৰদেশ কংগ্ৰেছৰ পৰ্যবেক্ষকগৰাকীয়ে।
বিজেপি চৰকাৰে ৰাইজক প্ৰতাৰণা কৰাৰ অভিযোগ সিঙৰ।
হয়গ্ৰীৱ মাধৱ মন্দিৰত আশীষ ল’লে জীতেন্দ্ৰ সিং, ৰিপুন বৰাকে ধৰি প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বই।
পোৱামক্কা দৰগাহ শ্বৰীফটো দোৱা কংগ্ৰেছ নেতৃত্বৰ।
‘অংক কৰিবলৈ সকলোৱেই জানে, বিজেপিয়ে সকলোকে সপোন দেখুৱাইছে।’- বিজেপিৰ বিৰুদ্ধে এই মন্তব্য প্ৰদান কৰে ৰিপুন বৰাই।
Photo: Headline8