নিউজ ডেস্কঃ সৰ্বভাৰতীয় পৰীক্ষাত ভূৱা পৰীক্ষাৰ্থীৰ ঘটনাই ৰাজ্য জোকাৰি যোৱা পিছত আজি পুনৰ ৰেইন ফৰেষ্ট বিভাগৰ মাল্টি টাচকিং ষ্টাফ পদৰ পৰীক্ষাত বহিঃৰাজ্যৰ ভূৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষাত বহা ঘটনাই পুনৰ এবাৰ জোকাৰিছে ৰাজ্য খনক । আজি যোৰহাট আৰক্ষীৰ জালত পৰিছে এনে দুজন ভূৱা পৰীক্ষাৰ্থী । জানিব পৰা মতে আজি যোৰহাট চৰকাৰী বালিকা বিদ্যালয়ত অনুস্থিত হোৱা পৰীক্ষাত হাৰিয়ানাৰ অনিল নামৰ এজন পৰীক্ষাৰ্থীৰ স্থানত চৰন সিং নামৰ এজন ভূৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছিল । পৰীক্ষা চলি থাকোতেই চৰন সিঙে মোবাইল ফোন উলিয়াই ফটো মৰা প্ৰত্যক্ষ কৰি আন পৰীক্ষাৰ্থীয়ে চিঞৰ বাখৰ কৰাত পৰীক্ষা কেন্দ্ৰটোৰ তত্বৱধায়ক জনে ততাতৈয়াকৈ আহি উক্ত স্থানত উপস্থিত হয় আৰু চৰন সিংক আৰক্ষীৰ হাতত চমজাই দিয়ে । সেই মুহুৰ্তলৈকে চৰন সিংক কেন্দ্ৰটোত অনিল বুলিয়েই পৰিচিত হৈ আছিল কিন্তু পৰৱৰ্তী সময়ত আৰক্ষীৰ সোধপোচত ওলাল ভয়ংকৰ তথ্য । আৰক্ষীয়ে চৰন সিঙৰ প্ৰকৃত তথ্য পোৱাৰ পিছতে তীব্ৰ অভিযান চলাই আৰু চৰন সিঙৰ ভাষ্যৰ ভিত্তিতে একেটা কেন্দ্ৰৰ পৰাই আন দুই ভূৱা পৰীক্ষাৰ্থী যোৰহাট আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । হাৰিয়ানাৰে দীপক আৰু প্ৰবোধ নামৰ দুই পৰীক্ষাৰ্থীৰ হৈ পৰীক্ষা দিছিল আন দুই ধৃতই । কেন্দ্ৰটোৰ তত্বাৱধায়ক জনে সমগ্ৰ ঘটনা মাস্কৰ বাবে হোৱা বুলি মন্তব্য কৰি কয় মূখত মাস্ক পিন্ধি আছিল বাবে প্ৰকৃত পৰিচয় চিনাক্ত কৰাত অসুবিধা হৈছিল। ইফালে আৰক্ষীৰ হাতত আহি পৰা তথ্য অনুসৰি যোৰহাট জিলাত বিভিন্ন কেন্দ্ৰত আন ১২ জন ভূৱা পৰীক্ষাৰ্থীয়ে পৰীক্ষা দিছে । এই সমগ্ৰ ঘটনা পৰিচালনা কৰি আহিছে চৰন সিঙ নামৰ ব্যক্তি জনৰ পত্নীয়ে । এই পৰ্য্যন্ত আন ভূৱা পৰীক্ষাৰ্থী সকলক চিনাক্ত কৰিবলৈ সক্ষম হোৱা নাই যোৰহাট আৰক্ষী । এই ঘটনাই পুনৰ এবাৰ ৰাজ্যৰ শিক্ষিত নিবনুৱা যুৱক যুৱতীৰ বাবে দুখৰ বতৰা কঢ়িয়াই আনিলে ।