নিউজ ডেস্কঃ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত চৰ-চাপৰিৰ কলা- সংস্কৃতিক প্রতিফলিত কৰিব পৰাকৈ এটা যাদুঘৰ স্থাপনৰ বাবে ৰাজ্য চৰকাৰক দিয়া প্রস্তাৱক কেন্দ্র কৰি হোৱা বিতর্কৰ প্রত্যুত্তৰ দিছে অসম প্রদেশ কংগ্রেছ কমিটীৰ সভাপতি আৰু বিৰোধী দলৰ দলপতিয়ে৷ চৰ-চাপৰিৰ কলা-সংস্কৃতিক মিঞা সংস্কৃতিলৈ ৰূপান্তৰ ঘটাই ৰাজ্যৰ উন্নয়নত ব্যর্থ হৈ শাসক পক্ষই নতুন ইছু্য তৈয়াৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে কংগ্রেছে৷
ৰাজ্য চৰকাৰৰ বিভাগসমূহৰ লগত সম্পর্কিত কমিটীৰ প্রস্তাৱৰ ( ডি আৰ চি)ওপৰত ভিত্তি কৰি কংগ্রেছৰ বিধায়ক শ্বেৰমান আলীয়ে শিক্ষা বিভাগলৈ চৰ-চাপৰিৰ কলা-সংস্কৃতিক প্রতিফলিত কৰিব পৰাকৈ শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত এটা যাদুঘৰ স্থাপন সম্পর্কত চিঠি লিখিছিল৷ এই প্রস্তাৱক লৈ হোৱা বিতর্কৰ সময়ত কংগ্রেছে কয় যে মুখ্যমন্ত্রী সর্বানন্দ সোণোৱালে মাজুলীত চৰ-চাপৰি সঞ্চালকালয়ৰ এটা কার্যালয় খোলাৰ ব্যৱস্থা কৰিছে৷
প্রদেশ কংগ্রেছৰ সভাপতি ৰিপুন বৰাই কয় যে শ্বেৰমান আলীৰ বক্তব্য কংগ্রেছৰ বক্তব্য নহয়৷ বিধায়কজনে যিখন চিঠি শিক্ষা বিভাগলৈ লিখিছিল, সেই চিঠিখনত ক’তো মিঞা মিউজিয়ামৰ কথা নাই৷ বিভাগসমূহক পৰামর্শ দিবলৈ বিধানসভাই কমিটী গঠন কৰি দিয়ে৷
বিধানসভাৰ ডি আৰ চিয়ে ৰাজ্য চৰকাৰক শ্রীমন্ত শংকৰদেৱ কলাক্ষেত্রত চৰ-চাপৰিৰ কলা- সংস্ৃকতিক প্রতিফলিত কৰিব পৰাকৈ এটা মিউজিয়াম স্থাপনৰ প্রস্তাৱ দিছিল৷ প্রদেশ কংগ্রেছৰ সভাপতি বৰাই কয় যে কংগ্রেছে কোনো সম্প্রদায়, ধর্মৰ কথা নকয়৷ শ্রীমন্ত শংকৰদেৱ সকলো জাতি-জনগোষ্ঠীৰ গুৰু আছিল৷ সেয়েহে কলাক্ষেত্রত সকলো জাতি-জনগোষ্ঠীৰ কলা- সংস্কৃতিক প্রতিফলিত কৰাৰ দৰে চৰ-চাপৰিৰ সংস্কৃতিক প্রতিফলিত কৰিব পৰাকৈ এটা যাদুঘৰ স্থাপনৰ বাবে বিধানসভাৰ ডি আৰ চিয়ে প্রস্তাৱ দিছিল৷