নিউজ ডেস্কঃ ৰাজনীতিৰ নূন্যতম জ্ঞানো নাই কমল কুমাৰ মেধিৰ।
মঙলবাৰে এই মন্তব্য কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী তথা জাগীৰোড সমষ্টিৰ বিধায়ক পীয়ুষ হাজৰিকাই।
জাগীভকতগাঁৱত অনুষ্ঠিত বিজেপিৰ এক যোগদান সমাৰোহত কংগ্ৰেছ-এআইইউডিএফৰ লগতে আঞ্চলিক দলক ক্ষুৰধাৰ সমালোচনা কৰে পীয়ুষ হাজৰিকাই।
দৰাচলতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে ২০২১ৰ নিৰ্বাচনত যি সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰে, সেই সমষ্টিৰ পৰাই কৃষক নেতা অখিল গগৈয়েও প্ৰতিদ্বন্দ্বিতা আগবঢ়াব বুলি মন্তব্য কৰিছিল কমল কুমাৰ মেধিয়ে।
মেধিৰ এই মন্তব্যৰ পিছতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি পীয়ুষ হাজৰিকাই কয় যে কমল মেধিৰ ৰাজনীতিৰ নূন্যতম জ্ঞান খিনিও নাই।
অসমৰ ৰাজনৈতিক মানচিত্ৰৰ বিষয়ে নজনা মানুহে অসম কেনেকৈ চলাব বুলিও কটাক্ষ কৰে মন্ত্ৰীগৰাকীয়ে।
মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল যিহেতু জনগোষ্ঠীয় লোক, সেয়ে তেওঁ জনগোষ্ঠীয় প্ৰাৰ্থীৰ বাবে সংৰক্ষিত সমষ্টিৰ পৰাহে প্ৰতিদ্বন্দ্বিতা কৰিব পাৰিব, কিন্তু তেনে সমষ্টিত সাধাৰণ শ্ৰেণীৰ অখিল গগৈয়ে কেনেকৈ প্ৰতিদ্বন্দিতা কৰিব? এই সাধাৰণ জ্ঞানখিনিও কমল মেধিৰ নাই।
ইফালে, কংগ্ৰেছ আৰু এআইইউডিএফক কঠোৰ ভাষাৰে সমালোচনা কৰি পীয়ুষ হাজৰিকাই কয় যে অখিল গগৈ নামৰ ইনজেকচন ন’ললে কংগ্ৰেছ-এআইইউডিএফ চলিব নোৱাৰে।
আনহাতে অজন্তা নেওগে কংগ্ৰেছ এৰি বিজেপিত যোগদানৰ পিছতে কংগ্ৰেছে যি এখন আসন লাভ কৰাৰ আশা আছিল, সেই আশাও অন্ত পৰিল বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে।