নিউজ ডেস্কঃ চৌদিশে চাঞ্চল্য সৃষ্টিকাৰী অসম আৰক্ষীৰ উপ-পৰিদর্শক কেলেংকাৰীৰ অন্যতম মুখ্য অভিযুক্ত পলাতক অৱসৰপ্রাপ্ত আৰক্ষী বিষয়া পি কে দত্ত অসমত নাই৷ তেওঁ সম্প্রতি নেপালত আত্মগোপন কৰি থকাৰ তথ্য লাভ কৰিছে চি আই ডিয়ে৷ লুকআউট নটিচৰ লগতে খবৰ দিওঁতালৈ ১ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰাৰ পাছতো আৰক্ষীৰ জালত নপৰা অসম আৰক্ষীৰ অৱসৰপ্রাপ্ত ডি আই জি দত্তই যোৱা ২৪ ছেপ্টেম্বৰতে অসম এৰাৰ তথ্য লাভ কৰা হৈছে৷
প্রাপ্ত তথ্য অনুসৰি তেওঁৰ নাম কেলেংকাৰীটোত সাঙোৰ খাই পৰাৰ পাছতো ২৩ ছেপ্টেম্বৰলৈ তেওঁ অসমতে আছিল৷ কিন্তু অসম আৰক্ষীয়ে ৰহস্যজনকভাৱে তেওঁৰ কোনো তথ্য লাভ নকৰিলে৷ চি আই ডিয়ে লাভ কৰা তথ্য অনুসৰি পি কে দত্তই নিজৰ নেপালী জোঁৱায়েকৰ সহযোগত পুত্র ঈশানৰ সৈতে শিলিগুৰি হৈ নেপালৰ কাঠমাণ্ডুলৈ পলায়ন কৰিছে৷ তথ্য অনুসৰি ২৩ ছেপ্টেম্বৰত পি কে দত্তই শিলিগুৰিৰ হোটেল পার্ক হেভেনত নিশা বাহৰ পাতিছিল৷
জোঁৱায়েক চুজন মণ্ডল মহাৰাজনৰ পাৰপত্র প্রদর্শন কৰি হোটেলখনৰ ২১৬নং কোঠাটো সেইদিনাৰ বাবে বুকিং কৰা হৈছিল৷ প্রথমে পি কে দত্তই শিলিগুৰিত উপস্থিত হৈ হোটেললৈ যায় আৰু তাৰ পাছত পুত্রক তালৈ মাতি দিয়ে৷ নিশাটো পুত্র আৰু জোঁৱায়েকৰ সৈতে হোটেলত থকাৰ পাছত পিছদিনা পুৱা ৫ বজাতে তেওঁলোকে হোটেল ত্যাগ কৰি নেপাল অভিমুখে যাত্রা কৰে৷
শিলিগুৰিৰ পৰা তেওঁলোকে নেপালৰ কাঠমাণ্ডুলৈ যায় বুলি চি আই ডিয়ে তথ্য লাভ কৰাৰ পাছতে এটা দলে শিলিগুৰিত অভিযান চলায়৷ চি আই ডিৰ দলটোৱে পি কে দত্ত থকা হোটেলখনৰ নির্দিষ্ট কোঠাটোত অভিযান চলোৱাৰ লগতে কোঠাটো ছীল কৰি দিছে৷ আনহাতে কাঠমাণ্ডুত অসম আৰক্ষীয়ে অভিযান চলাবৰ বাবে বৈদেশিক পৰিক্রমা দপ্তৰৰ পৰা প্রয়োজনীয় অনুমতিৰ বাবে আৱেদন কৰা বুলিও জানিব পৰা গৈছে৷