নিউজ ডেস্কঃ অসম চৰকাৰে গঁড় হত্যা হ্রাস পোৱা বুলি চৰকাৰী ঘোষণা প্রচাৰ কৰাৰ সমান্তৰালভাৱে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান এতিয়া চোৰাং চিকাৰীৰ ৰম্যভূমিলৈ পৰিণত হৈছে৷ উদ্বেগজনক দিশটো হ’ল এই চোৰাং চিকাৰ আৰু খর্গৰ চোৰাং বজাৰখন নিয়ন্ত্রিত হৈছে উদ্যানখনৰ ভিতৰৰ পৰা৷
উদ্যানখনৰ ভিতৰৰ পৰা গঁড়ৰ খর্গ নিঃসংকোচে উলিয়াই আনি চোৰাং ব্যৱসায়ীসকলৰ হাতত তুলি দিছে উদ্যানখনৰ সুৰক্ষা কর্মীয়ে৷ উদ্যান কর্তৃপক্ষৰ হাতত ইটোৰ পাছত সিটো চিকাৰী গ্রেপ্তাৰ হোৱা ঘটনাই কাজিৰঙাৰ তথাকথিত কটকটীয়া নিৰাপত্তাৰ ফোঁপোলা স্বৰূপ উডঙাই দিছে৷ গঁড়ৰ খর্গৰ চোৰাং বেপাৰীয়ে কাজিৰঙা ৰাষ্ট্রীয় উদ্যান গঢ়ি তুলিছে বিশাল নেটৱর্ক৷ লাখ লাখ টকাৰ বিনিময়ত কাজিৰঙা ৰাষ্ট্রীয় উদ্যানত কর্মৰত একাংশ অস্থায়ী বনকর্মীক হাত কৰি ৰাষ্ট্রীয় উদ্যানখনৰ পৰা সহজে সৰকাই নিছে গঁড়ৰ খর্গ৷
কাজিৰঙাৰ ব্যক্তিগত পর্যটক নিৱাসৰ কর্মচাৰীৰ পৰা আৰম্ভ কৰি দাঁতিৰ স্থানীয় একাংশ লোকক গঁড়ৰ খর্গৰ অবৈধ ব্যৱসায়ত জড়িত থকাৰ অভিযোগত বন বিভাগে গ্রেপ্তাৰ কৰাৰ পাছত পোহৰলৈ আহিছে এই ভয়ংকৰ তথ্য৷ যোৱা ছেপ্টেম্বৰত এটুকুৰা খর্গৰ অবৈধ ব্যৱসায়ৰ আঁত ধৰি কাজিৰঙা ৰাষ্ট্রীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে চলোৱা তদন্তত বহু সংখ্যক গঁড়ৰ খর্গৰ অবৈধ ব্যৱসায় অস্থায়ী বনকর্মী যোগেদি হোৱাৰ তথ্য লাভ কৰিছে উদ্যান কর্তৃপক্ষই ৷
তথ্য মতে, একাংশ চোৰাং ব্যৱসায়ীয়ে গঁড় নিধনৰ বিপৰীতে গ্রহণ কৰিছে আন এক পন্থা৷ ৰাষ্ট্রীয় উদ্যানত বিভাগীয় হাতী চোৱাচিতাৰ বাবে নিয়োজিত কিছু সংখ্যক অস্থায়ী কর্মীক ধনৰ বিনিময়ত নিয়োগ কৰিছে পৰি থকা গঁড়ৰ খর্গ আহৰণত৷ পাৰস্পৰিক যুঁজ বা আন কোনো কাৰণত কেতিয়াবা গঁড়ৰ খর্গটো সুলকি পৰে৷ এইদৰে পৰি যোৱা খর্গ উদ্ধাৰ কৰি বিভাগক জমা দিয়াৰ বিপৰীতে একাংশই খর্গৰ চোৰাং ব্যৱসায়ীক যোগান ধৰি আহিছে৷
এইদৰে গঁড়ৰ খর্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অভিযোগত অস্থায়ী বনকর্মীকে ধৰি ১৭জনক আটক কৰি আইনগত ব্যৱস্থা গ্রহণ কৰাৰ পাছত শনিবাৰে কঁহৰা বনাঞ্চলত অস্থায়ী হাতীৰ মাউত হিচাৰে কর্মৰত ধনমণি ৰাভা আৰু জামছিদ আলী নামৰ দুজনক আটক কৰি গোচৰ ৰজু কৰিছে বন বিভাগে৷ বিভাগীয় সূত্র মতে, খর্গৰ বিনিময়ত আটকাধীন বনকর্মী দুজনে লাভ কৰিছিল ২.৪০ লাখ টকা৷ ইফালে, এই বৃহৎ চক্রটোৰ মাষ্টাৰ মাইণ্ডৰ সন্ধানত তদন্ত অব্যাহত ৰাখিছে ডি এফ অ’ ৰমেশ গগৈয়ে৷