নিউজ ডেস্কঃ আজি মাঘ বিহুৰ উৰুকা ৷
ৰাজ্যত চৌদিশে উখল-মাখল পৰিৱেশ ভোগালীৰ উৎসৱ ভোগেৰে ৷
হাঁহে-মাহে এসাঁজ খোৱাৰ আয়োজন ৰাজ্যবাসীৰ ৷
কোনখন বজাৰত ওলাইছে কিমান ডাঙৰ মাছ সেয়া লৈ উৎকণ্ঠা ৰাইজৰ ৷
উৰুকাৰ ভোজত সকলোৰে প্ৰিয় চিতল, আৰি, বৰালী অথবা বাহুৰে এসাঁজ খোৱাৰ।
অসমৰ মাছৰ বজাৰত এতিয়া মাছৰ বিভিন্ন প্ৰজাতিৰে ভৰি পৰিছে ৷
কলিয়াভোমোৰা দলঙৰ সমীপত চুলুং বজাৰত উজনি-নামনি অসমৰ বহু ঠাইৰ লোক গোট খাইছে মাছ কিনিবলৈ।
সেইদৰে গুৱাহাটীৰ উজান বজাৰস্থিত মাছৰ বজাৰতো মানুহৰ ভিৰ দেখা গৈছে ৷
উল্লেখ্য, মাঘ বিহুৰ এক পৰম্পৰা আছে মৎস্য চিকাৰ তথা মাছমৰা উৎসৱ ৷
এই পৰম্পৰা ৰক্ষাৰ উদ্দেশ্যে অসমৰ বিভিন্ন স্থান মৎস্য চিকাৰ অব্যাহত আছে ৷
এতিয়ালৈ জানিব পৰা মতে সোণাপুৰৰ বমানি বিলত আজি সমূহীয়া মৎস্য চিকাৰ আয়োজন কৰে ৷
বমানি বিলত মাছ ধৰিবলৈ দূৰণিৰ পৰা আহিছে বহু লোক ৷
ঐতিহাসিক পানবাৰী গৰৈমাৰী বিলত ভোগালী বিহুৰ মাছ মৰা উৎসৱ আয়োজন ৷
আনহাতে উজান বজাৰত ভোগালীৰ ঢৌ, উৰুকাৰ সাজ জুতিৰে খাবলৈ মাছ কিনিবলৈ হেতা ওপৰা লগাইছে ৰাইজে ৷
এই মৎস্য চিকাৰৰ আনন্দৰ মাজতে বন বিভাগে নিষেধাজ্ঞা কৰিলে কাজিৰঙাৰ বিলত মৎস্য চিকাৰ ৷
লগতে চলিত বৰ্ষৰ ১৩ আৰু ১৪ জানুৱাৰীত কাজিৰঙাত নিষিদ্ধ কৰা হ’ল জনসমাগম ৷
অসমীয়াৰ মাঘ বিহুত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিল কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মাছ মৰা পৰম্পৰা ৷
উল্লেখযোগ্য যে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতি কাষৰীয়া একাংশ বিলত মাঘ বিহুৰ উৰুকাৰ দিনা স্থানীয় লোকক মাছ মৰাৰ সুবিধা অতীজৰে পৰা বন বিভাগে প্ৰদান কৰি আহিছিল ৷