নিউজ ডেস্কঃ লাখটকীয়া বিজ্ঞাপন, বিজ্ঞাপনৰ নামত প্ৰিয়ংকা চোপ্ৰাক আনি কোটি টকা চৰকাৰী ধন খৰচ কৰিলেও প্ৰকৃতাৰ্থত অসম পৰ্যটনৰ যে উত্তৰণ হোৱা নাই সেয়া পুনৰবাৰ প্ৰমাণিত হৈছে৷ কাৰণ, সমগ্ৰ বিশ্বই আজি বিশ্ব পৰ্যটন দিৱস উদযাপন কৰাৰ সময়তো অসম পৰ্যটনৰ অন্যতম কেন্দ্ৰবিন্দু কাজিৰঙা পৰ্যটন আজিও অৱহেলিত হৈ আছে৷ কেৱল চৰকাৰী উদাসীনতাৰ বাবেই চাৰিকুৰি বছৰীয়া কাজিৰঙা পৰ্যটনৰ অৱস্থা আজিও তথৈবচ৷ কেৱল শীত-তাপ নিয়ন্ত্ৰণ কোঠাত বহি অসম পৰ্যটন উত্তৰণৰ চিন্তা কৰা বৰমূৰীয়াসকলৰ বাবেই কাজিৰঙা পৰ্যটনৰ চৰকাৰী অতিথিশালাসমূহ উঁৱলি যোৱাৰ উপক্ৰম ঘটিছে৷ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানক কেন্দ্ৰ কৰি গঢ় লৈ উঠা কাজিৰঙা পৰ্যটনৰ কেৱল বনানি আৰু বনশ্ৰী নামৰ দুই চৰকাৰী অতিথিশালাৰ বাহিৰে অসম পৰ্যটনৰ অন্তৰ্গত কুঞ্জবন অতিথিশালাত পৰ্যটক থাকিব পৰাৰ কোনো ধৰণৰ উপযোগী ব্যৱস্থা নাই৷ আনহাতে, জুপুৰি ঘৰ নামৰ চৰকাৰী পৰ্যটন নিৱাসটো আজি কেইবাবছৰ ধৰি বন্ধ হৈ আছে৷ সম্প্ৰতি ভূত বাংলোলৈ পৰিণত হোৱা জুপুৰি ঘৰৰ কৰ্মচাৰীসকলকো খেদি দিয়া হ’ল অস্থায়ী চাকৰিৰ পৰা৷ ইপিনে, কহঁৰা চাৰিআলিত অৱস্থিত ৰাইন’ কেফেই হওক, এৰাবাৰীলৈ পৰিণত হোৱা বোকাখাতৰ ভোগ ধাবা কেইবাবছৰ ধৰি নিৰ্মীয়মাণ অৱস্থাতে আছে৷ ইপিনে, আজি বিশ্ব পৰ্যটন দিৱসৰ দিনাও কোনো ধৰণৰ অনুষ্ঠান কৰাৰ পৰা বিৰত আছে কাজিৰঙা পৰ্যটনৰ বৰমূৰীসকল৷ যি সময়ত পৰ্যটন আৰু গাঁৱৰ উন্নয়নৰ বিষয়ক গুৰুত্ব প্ৰদানৰ কথা এইবাৰ আন্তঃৰাষ্ট্ৰীয়ভাৱে প্ৰকাশ কৰা হৈছে ঠিক তেনে সময়তো গাঁৱৰ উন্নয়নৰ চিন্তাতো নায়েই বৰং পৰ্যটন বিভাগটো আই চি ইউত থকাৰ এক অৱস্থাৰ দৰে সৃষ্টি হৈছে৷