গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ দীপৰ বিল আৰু ব্ৰহ্মপুত্ৰ নদী সংযোগী খানাজানৰ পানীদুৱাৰখন বিগত তিনি – চাৰিদিন ধৰি বন্ধ হৈ থকা বাবে দীপৰ বিলৰ পানীভাগ ওফন্দি উঠা পৰিলক্ষিত হৈছে । ইয়াৰ ফলত খানামুখৰ হাওৰাপাৰ অঞ্চলৰ বিস্তীৰ্ণ অঞ্চল কৃত্ৰিম বানৰ কৱলত পৰিছে । বহু বাসিন্দাৰ ঘৰৰ চৌহদ কেবাদিনো ধৰি পানীৰে উপচি থকাত স্বাভাৱিক জনজীৱন প্ৰায় ব্যাহত হৈ পৰিছে । জানিব পৰা মতে গাড়ীগাঁও – পূব ধাৰাপুৰৰ মাজত থকা একমাত্ৰ পানীদুৱাৰখন বন্ধ কৰি দিয়াৰ ফলত ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী খানাজানৰে দীপৰ বিললৈ সোমোৱাটো বন্ধ হৈ পৰাৰ বিপৰীতে দীপৰ বিলৰ পানীভাগ খানাজানেৰে ব্ৰহ্মপুত্ৰলৈ বৈ যাব নোৱাৰাত দীপৰ বিলৰ পানীভাগ সম্প্রতি ওফন্দি আছে। ইয়াৰ ফলত হাওৰাপাৰৰ আৱাসিক এলেকাৰ সমান্তৰালভাবে কৃষক ৰাইজো ভীষণ অসুবিধাৰ সন্মুখীন হব লগা হৈছে। ওফন্দি উঠা তথা বাঢ়নী পানীভাগৰ বাবে কৃষি প্ৰধান অঞ্চল হিচাপে পৰিচিত ধাৰাপুৰ গাওঁ পঞ্চায়তৰ অন্তৰ্গত খানামুখ হাওৰাপাৰৰ খেতিপথাৰ পানীৰে ভৰি আছে।
যাৰ বাবে কৃষক সকলৰ কঠীয়াতলী সমুহ পানীৰ তলত থকাত তেওঁলোকে কঠীয়া সিচিব পৰা নাই। যদি বৰষুণৰ পৰিমাণ বৃদ্ধি পাই তেন্তে দীপৰ বিলৰ ওফন্দি উঠা পানীভাগৰ বাবে বৰঝাৰস্থিত লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰকে ধৰি গুৱাহাটীৰ পশ্চিম প্রান্তৰ এক বিস্তীর্ণ অঞ্চল বানৰ কবলত পৰাৰ সম্ভাবনা আছে। খানামুখ হাওৰাপাৰ অঞ্চলৰ উদীয়মান কৃষক ধন কলিতা , ধীৰাজ কলিতা ( দুলু ) , মাণিক কলিতাকে ধৰি কেবাজনো কৃষকে জানিবলৈ দিয়া মতে পানীদুৱাৰ পৰিচালনাৰ দায়িত্বত থকা জলসম্পদ বিভাগৰ পশ্চিম গুৱাহাটী উপ সংমণ্ডলৰ সহকাৰী কাৰ্যবাহী অভিযন্তাৰ কাৰ্যালয়ে শীঘ্ৰেই যদি খানাজানৰ পানী দুৱাৰখন খুলি দিয়াৰ ব্যৱস্থা নকৰে তেন্তে দীপৰ বিলৰ ওফন্দি উঠা পানীভাগৰ বাবে বহু কৃষকে সময়মতে কঠীয়া সিচিব বা ভূঁই ৰুব নোৱাৰাটো প্ৰায় নিশ্চিত। যাৰ বাবে কৃষক সকলে জলসম্পদ বিভাগক পানীদুৱাৰখন খুলি দিবলৈ দাবী জনাইছে।