বিধানসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগেই ৰাজ্যৰ প্ৰতিটো ৰাজনৈতিক দল ব্যস্ত হৈ পৰিছে নিৰ্বাচনী ৰনকৌশল প্ৰস্তুত কৰাত ৷
প্ৰতিটো ৰাজনৈতিক দলত বৃদ্ধি পাইছে নিৰ্বাচনৰ ব্যাপক তৎপৰতা ৷
কংগ্ৰেছ আৰু এআইইউডিএফৰ মহাজোঁট, অজাপ আৰু ৰাইজৰ দলৰ সমান্তৰালভাৱে বিজেপিও আগবাঢ়িছে মিছন ১০০+ ৰ ৰণনীতি প্ৰস্তুত কৰাত ৷
বিজেপিয়ে প্ৰায় প্ৰতিটো সমষ্টিতে ক্ষীপ্ৰ গতিত আৰম্ভ কৰিছে নিৰ্বাচনী প্ৰচাৰ অভিযান ৷
দলীয় প্ৰাৰ্থিত্বপ্ৰত্যাশীসকলৰ মাজতো বৃদ্ধি পাইছে তৎপৰতা ৷
৬২নং বৰমা বিধান সভা সমষ্টিত বিজেপিৰ প্ৰাৰ্থিত্বপ্ৰত্যাশী কুমুদ দাস ৷
বিগত দুটা দশক ধৰি অঞ্চলটোৰ জনসাধাৰণৰ বাবে নিষ্ঠাৰে সেৱা আগবঢ়াই আহিছে বিজেপি দলৰ নিঃস্বাৰ্থ কৰ্মী এইগৰাকী প্ৰাৰ্থিত্বপ্ৰত্যাশী কুমুদ দাসে ৷
সাধাৰণ জনতাৰ দুখ-দুৰ্দশাৰ সমভাগী হোৱাৰ লগতে চৰকাৰৰ আঁচনিসমূহৰ সঠিক ৰূপায়ণৰ দিশটোতো গুৰুত্ব দি আহিছে ব্যক্তিগৰাকীয়ে ৷
যাৰ বাবে বিগত ৫ বছৰে লাভান্বিত হৈছে অঞ্চলটোৰ ৰাইজ ৷
বৰমা সমষ্টিৰপৰা কুমুদ দাসে টিকট পোৱাটো বিচাৰিছে অঞ্চলটোৰ ৰাইজ তথা বিজেপিৰ সমৰ্থকসকলে ৷
দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰিলে সমষ্টিটোত বিজেপিৰ জয় নিশ্চিত বুলি কেন্দ্ৰীয় নেতৃত্বকো অৱগত কৰিছে দলীয় নেতাই ৷
ছাত্ৰাৱস্থাৰ পৰাই সমাজসেৱাৰ লগত জড়িত কুমুদ দাসে বিজেপিত যোগদান কৰাৰ পৰাই দলৰ হৈ নিঃস্বাৰ্থভাৱে ৰাইজৰ সেৱা আগবঢ়াই আহিছে ৷
সমষ্টিটোৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান আৰু সামাজিক ক্ষেত্ৰত ওতঃপ্ৰোতভাৱে জড়িত কুমুদ দাস এগৰাকী শক্তিশালী প্ৰাৰ্থীৰূপে অৱতীৰ্ণ হ’ব আগন্তুক নিৰ্বাচনত ৷
স্বাধীনতাৰ ৭০ বছৰ পিছতো উন্নয়নৰ মুখ নেদেখা বৰমা সমষ্টিত কুমুদ দাসক প্ৰাৰ্থিত্ব প্ৰদান কৰি সমষ্টিটোৰ উন্নয়নৰ বাবে গুৰুত্ব দিবলৈ দাবী জনাইছে সমষ্টিবাসীয়ে ৷