নিউড ডেস্কঃ লখিমপুৰৰ ডিক্ৰং নদীৰ শিল বালিৰ মহলত গুণ্ডা টেক্সক লৈ দুই ফৈদৰ বিতৰ্কৰ সৃষ্টি হ’ল৷ যাৰ পৰিপ্ৰেক্ষিতত আৰক্ষী আৰু বন বিষয়া আহি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। জিলাখনৰ হাৰমতি আঞ্চলিক বন বিষয়া কাৰ্যালয়ৰ অন্তৰ্গত ডিক্ৰঙ নদীৰ শিল বালিৰ মহলত আজি দুই ফৈদৰ মাজত বিতৰ্কৰ সৃষ্টি হয়।
উল্লেখযোগ্য যে প্ৰতিখন শিল বালি ভৰ্তি ডাম্পাৰে অতিৰিক্ত এহেজাৰ টকা আৰু ট্ৰেক্তৰে তিনিশ টকাকৈ গুণ্ডা টেক্স ভৰিব লগা হয় যাৰ বাবেই সকলো জে চি বি আৰু ডাম্পাৰ চালকে অভিযোগ উত্থাপন কৰে। ফলত এগৰাকী ব্যক্তিৰ বিৰুদ্ধে ডিক্ৰঙৰ একাধিক যুৱকে প্ৰতিবাদ সাব্যস্ত কৰে। বান্দৰদেৱা আৰক্ষী চকীৰ আৰক্ষী বিষয়া আৰু হাৰমতি বন বিভাগৰ কৰ্মী আহি পৰিস্থিতি নিয়ন্ত্ৰণলৈ আনে। ইতিমধ্যে ৰেঞ্জাৰ গৰাকীৰ বিৰুদ্ধে পক্ষপাতিত্ব লোৱাৰ অভিযোগ উত্থাপন কৰে একাধিক লোকে।
লখিমপুৰৰ পৰা হাচিবুল হাছানৰ প্ৰতিবেদন৷