নিউজ ডেস্কঃ ৰাজ্যৰ তিনি বাৰৰ মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত তৰুণ গগৈৰ সৈতে বিশেষ কৰ্তব্যৰত বিষয়া (অ’এছডি) হিচাপে কাৰ্যনিৰ্বাহ কৰা বিপুল গগৈয়ে নিজৰ চৰকাৰী পদবীৰ পৰা পদত্যাগ কৰি যোগ দিলে কংগ্ৰেছত। মঙলবাৰে বিপুল গগৈয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। তেওঁ ২০২১ৰ বিধানসভা নিৰ্বাচনত টিংখং বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱাৰ সম্ভাৱনা আছে।
উল্লেখ্য যে, প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ঘনিষ্ঠ হিচাপে থাকি তেওঁৰ নীতি-আদৰ্শ তথা কৰ্মৰাজিক নিচেই ওচৰৰ পৰা প্ৰত্যক্ষ কৰাৰ সুযোগ লাভ কৰিছিল বিপুল গগৈয়ে। তেনে এক পৰিপ্ৰেক্ষিততে তেওঁ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ পৰে আৰু অৱশেষত চৰকাৰী দায়িত্বৰ পৰা অব্যাহতি লৈ প্ৰত্যক্ষভাৱে কংগ্ৰেছত যোগ দিয়াৰ সিদ্ধান্ত লয়।যি সময়ত অজন্তা নেওগসহ কংগ্ৰেছৰ কেইবাজনো বিধায়ক-নেতাই দল এৰি বিজেপিমুখী হৈছে, সেই সময়ত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অ’এছডি বিপুল গগৈৰ কংগ্ৰেছত যোগদানে দলটোক এক নতুন শক্তি প্ৰদান কৰিব বুলি আশা কৰিছে বহুতে।