এখন মেচ জয় কৰিব পাৰিলেই পদক নিশ্চিত হব অসম কন্যা লাভলীনা বৰগোহাঁইৰ। অলিম্পিক পদক বিজয়ী লাভলীনাই Commonwealth Gamesত আজি কোৱাৰ্টাৰ ফাইনেল মেচত অংশগ্ৰহণ কৰিব।
ভাৰতীয় সময় অনুসৰি নিশা ১১ঃ১৫ বজাত লাভলীনাৰ মেচ অনুষ্ঠিত হ’ব। মেচখনত লাভলীনাৰ প্ৰতিপক্ষ হ’ব ৱেলছৰ ৰোছি ইকলছ। কোৱাৰ্টাৰ ফাইনেলৰ এই মেচখনত জয়ী হ’লেই লাভলীনাৰ ব্ৰঞ্জৰ পজক নিশ্চিত। ৬৬ কেজি শাখাত প্ৰতিদ্বন্দিতা কৰা লাভলীনাই ইয়াৰ পূৰ্বে প্ৰী কোৱাৰ্টাৰ ফাইনেলত লাভলীনাই নিউজিলেণ্ডৰ আৰাইন নিকলছনক ৫-০ ব্যৱধানত পৰাস্ত কৰিছিল।
উল্লেখ্য যে, আজিৰ মেচত লাভলীনাৰ প্ৰতিদ্বন্দী হৈছে ২০১৮ চনৰ Commonwealth Gamesৰ ৰূপৰ পদক বিজয়ী বক্সাৰ ৱেলছৰ ৰজি একলেছ। লাভলীনাই এই পৰ্যন্ত Commonwealth Gamesত পদক লাভ কৰা নাই যদিও অলিম্পিকৰ মঞ্চত পদক অৰ্জন কৰি শক্তিশালী ৰূপত আছে।