কেন্দ্ৰীয় পেট্ৰোলিয়াম আৰু প্ৰাকৃতিক গেছ বিভাগৰ মন্ত্ৰী হৰদ্বীপ এচ পুৰীৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ বিশেষ পত্ৰ
ডিগবৈ তেল শোধনাগাৰ সম্প্ৰসাৰণ কৰাৰ সন্দৰ্ভত এই পত্ৰ। ভাৰতৰ তেল নিগম, চমুকৈ IOCL ডিগবৈৰ শোধন ক্ষমতা বাৰ্ষিক ০.৬৫ মিলিয়ন মেট্ৰিক টনৰ পৰা ১ মিলিয়ন মেট্ৰিক টনলৈ বৃদ্ধি কৰিবৰ বাবে কেন্দ্ৰৰ পেট্ৰোলিয়াম মন্ত্ৰালয়ে সিদ্ধান্ত গ্ৰহণ কৰিছে। আগন্তুক জানুৱাৰী মাহত ইয়াৰ জৰীপ সমাপন কৰা হ’ব বুলি জনোৱাৰ লগতে মাৰ্চ মাহৰ পৰাই প্ৰথম পৰ্যায়ৰ কাম আৰম্ভ হ’ব বুলি জানিবলৈ দিয়ে।
আনহাতে ২০২৩ চনৰ অক্টোবৰ মাহৰ ভিতৰত গুৱাহাটী IOCLৰ শোধন ক্ষমতা ১ মিলিয়ন মেট্ৰিক টনৰ পৰা ১.২ মেট্ৰিক টনলৈ বৃদ্ধি কৰাৰ কথাও ঘোষণা কৰিছে।
উল্লেখ্য যে, পত্ৰখন ইতিমধ্যে মুখ্যমন্ত্ৰী শৰ্মাই তেওঁৰ টুইটাৰ একাউণ্টত শ্বেয়াৰ কৰি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক ধন্যবাদ জনায়।