কামৰূপ মহানগৰ জিলা সাহিত্য সাধনা মঞ্চৰ সাহিত্য বৈঠক খন ২৫ ফেব্ৰুৱাৰীত গুৱাহাটীৰ নৰ্থ ইষ্ট পাব্লিক স্কুলত অনুষ্ঠিত হয়। কবিতা হাজৰিকাৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বৈঠকৰ উদ্দেশ্য বাখ্যা কৰে সম্পাদক মিলিক আহমেদে। বৈঠকত কেন্দ্ৰীয় সমিতিৰ মুখ্য উপদেষ্টা বিনয় শৰ্মা, কামৰূপ জিলাৰ উপদেষ্টা কৃষ্ণ কান্ত হাজৰিকা,পুষ্পলতা মজুমদাৰ, পদ্মা দেবী উপস্থিত থাকে। বৈঠকত এখনি কবি সন্মিলন অনুষ্ঠিত হয়।
কবিসকলে পাঠ কৰা কবিতা সমূহৰ পৰ্য্যালোচনা আগবঢ়াই নিমন্ত্ৰিত অতিথি হিচাপে ভাগ লোৱা বিশিষ্ট কবি মণিৰূপা মিশ্ৰই। মিশ্ৰই কবিতা সন্দৰ্ভত চমু ভাষণত কয় কবিতাই মানুহৰ মনবোৰ স্বচ্ছ কৰে। সমাজৰ নেতিবাচক দিশবোৰৰ পৰিৱৰ্তন আনি এখন সুন্দৰ শৃংখলিত সমাজ কবিতাই ৰচনা কৰিব পাৰে। আনহাতে কবিতাৰ অনুষ্ঠানটোত অংশগ্ৰহণ কৰে ক্ৰমে – শেৱালি ভাগৱতী, অঞ্জলি দাস, অজন্তা চৌধুৰী ,ভূমিকা দাস,কবিতা দেবী, ৰঞ্জনা পাঠক , ৰবীন বৰা আদি ভালে সংখ্যক কবিয়ে। জাতীয় সংগীতৰে সভা সমাপ্ত হোৱা বৈঠকৰ শেষত শলাগৰ শৰাই আগবঢ়াই চন্দনা ভাগৱতীয়ে।