হেডলাইন ৮ বিশেষঃ ২০২০ বৰ্ষই আমাৰ পৰা বিদায় লোৱাৰ সময়তে ক’ৰোনা মহামাৰীয়ে জুৰুলা কৰা বিশ্ববাসীয়ে ২০২১ক আদৰিবলৈ সাজু হোৱাৰ সময়তে ২০২০ চনক আদৰাৰ কথা মনত পেলোৱাটো এবাৰ উচিত হ’ব ৷ কিয়নো, ২০২০ চনক বিশ্ববাসীয়ে আদৰাৰ সময়ত চীনৰ উহান চহৰৰ বহু চিকিৎসালয়ত অচিন
ৰোগ ক’ৰোনাত বহু লোকে মৃত্যুৰ সৈতে যুঁজ দি আছিল ৷ সেই সময়ত চীনে চিকিৎসা জৰুৰী সেৱা, অচিন ৰোগ ক’ৰোনাৰ ওপৰত পৰীক্ষা-নিৰীক্ষা আৰু চিকিৎকৰ জৰুৰী বৈঠকত ব্যস্ত হৈ পৰিছিল ৷ বিশ্ববাসীয়ে ইকাণে-সিকাণে শুনি থকা চীনৰ সেই অচিন ৰোগে তেতিয়াই চীনক দিশহাৰা কৰি তুলিছিল ৷ নতুন ভাইৰাইছৰ বিষয়ে বিশ্ববাসীয়ে প্ৰাথমিক তথ্য লাভ কৰা পূৰ্বেই ইটালী আৰু ফ্ৰান্সত এই অচিন ৰোগে ভয়াৱহ ৰূপ ধাৰণ কৰে ৷ উল্লেখ যে ২০২০ বৰ্ষৰ প্ৰায় মাজ ভাগত এইটো স্পষ্ট হৈছিল যে এই অচিন ৰোগ বিধ মানুহৰ পৰা সংক্ৰমণ হয় ৷ আনহাতে এই ৰোগ বিধ ফ্ৰেব্ৰুৱাৰীলৈ এছিয়া , ইউৰোপ, আমেৰিকা, আফ্ৰিকাৰ বহু দেশত এই ৰোগ সংগোপনে বিয়পিছিল ৷ কিন্তু চীনে উহানৰ পৰা নিজ দেশৰ অন্য প্ৰান্তলৈ সংক্ৰমণ প্ৰতিৰোধ বহুখিনি সফল হৈছিল ৷ বিশ্ববাসীয়ে ক’ৰোনাৰ বিষয়ে তথ্য লাভ কৰা পূৰ্বে আমেৰিকা , ইটালী আদি দেশত বহু লোকে মৃত্যু মুখত পৰে ৷ লাহে লাহে এই অচিন ৰোগ ক’ৰোনা ভাৰততো সংক্ৰমণ হ’ল ৷ যাৰ ফলত সমগ্ৰ বিশ্ব স্তব্ধ হৈ পৰিছিল ৷ ক’ৰোনা সংক্ৰমণ পৰা ৰোধ কৰিবলৈ বিশ্ববাসীয়ে লকডাউন ঘোষণা কৰে ৷ ভাৰততো ক’ৰোনা সংক্ৰমণ ক্ষীপ্ৰ গতিত বৃদ্ধি পোৱাত মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশত ঘোষণা কৰে লকডাউন ৷ অসমতো চলিত বৰ্ষৰ মাৰ্চৰ ২৪ তাৰিখৰ পৰা লকডাউন আৰম্ভ হয় ৷ লগতে আৰম্ভ হয় সান্ধ্য আইন ৷ কিন্তু এই লকডাউনে সমগ্ৰ বিশ্বক জুৰুলা কৰিলে ৷ আৰ্থিক সংকটত পৰিল সমগ্ৰ বিশ্ব ৷
ক’ৰোনাই বিৰূপ প্ৰভাৱ পেলোৱা কেইটামান গুৰুত্বপূৰ্ণ দিশ –
১. বিনোদনঃ ছবি গৃহ বন্ধ হয় ৷ লগতে বন্ধ হৈ পৰে ধাৰাবাহিকৰ দৃশ্যগ্ৰহণ ৷
২.ক্ৰীড়াঃ ক’ৰোনা সংক্ৰমণৰ ভয়ত ক্ৰীড়া জগতখন সম্পূৰ্ণকৈ পিছ পৰি ৰয় ৷ ১৫ মাৰ্চৰ পৰা হ’বলগীয়া আই এছ এছ এফ বিশ্বকাপ স্থগিত ৰখা হয় ৷ এনেকৈ বহু কেইখন গুৰুত্বপূৰ্ণ খেল স্থগিত ৰখা হয় ৷
৩.বিমানঃ দেশৰ লগতে আন্তাৰ্জাতিক বিমান সেৱা বাতিল হয় ৷ ১৮ মাৰ্চত ইণ্ডিগ’ৱে দিল্লী-ইস্তানবুল আৰু চেন্নাই-কুৱালালামপুৰ বিমান সেৱা বাতিল কৰে ৷ ১৯ মাৰ্চত চৰকাৰে ঘোষণা কৰে যে ২২ মাৰ্চৰ পৰা কোনো আন্তঃৰাষ্টীয় বিমান অৱতৰণ কৰিবলৈ দিয়া নহয় ৷
৪.ৰেলৱে পথঃ ২২ মাৰ্চৰ পৰা সমগ্ৰ দেশত মেট্ৰ’ সেৱা ৩১ মাৰ্চলৈ বন্ধ ৰখা হয় ৷ ২১ মাৰ্চত ৰেল বিভাগে ৩,৭০০ খন ৰেল বাতিল কৰে ৷ ২২ মাৰ্চত চৰকাৰে মালবাহী ৰে’লক বাদ দি প্ৰায় ১২,৫০০ খন ৰে’ল বাতিল কৰে ৷
৫. ধৰ্মীয় অনুষ্ঠান বন্ধঃ ১৭ মাৰ্চত চৰকাৰে ঘোষণা কৰে যে সকলো ঐতিহাসিক স্থান, ধৰ্মীয় অনুষ্ঠান বন্ধ কৰা হয় ৷ চৰকাৰে আনলক-১ ৰ অধীনত ৮ জুনৰ পৰা আকৌ ধৰ্মীয় অনুষ্ঠানসমূহ খোলাৰ কথা ঘোষণা কৰে ৷
৬. কৰ্ম ক্ষেত্ৰঃ লকডাউনৰ ফলত বহু লোকে কৰ্ম সংস্থাপন হেৰুৱায় ৷ যাৰ ফলত অৰ্থনীতিৰ সমস্যাৰ সম্মূখীন হৈ পৰে জনসাধাৰণ ৷