নিউজ ডেস্কঃ নতুন বছৰৰ প্ৰথমটো দিনতে ৰন্ধন গেছৰ চিলিণ্ডাৰৰ দাম বৃদ্ধি কৰিছে অইল মাৰ্কেটিং কোম্পানী (HPCL, BPCL, IOC)-য়ে ৷ উল্লেখ্য, কোম্পানীয়ে ইয়াৰ পূৰ্বে ডিচেম্বৰ মাহত গেছ চিলিণ্ডাৰৰ দাম দুবাৰকৈ বৃদ্ধি কৰিছিল ৰন্ধন গেছৰ মূল্য ৷ বিগত এমাহত ১০০ টকা বৃদ্ধি হয়। ইয়াৰ পিছত ৰাজসাহায্যবিহীন ১৪.২ কিলোগ্ৰামৰ এলপিজি চিলিণ্ডাৰৰ দাম ৬৪৪ টকাৰ পৰা বৃদ্ধি হৈ ৬৯৪ টকা হৈছিল। অৱশ্যে এইবাৰ ৰাজসাহায্যবিহীন চিলিণ্ডাৰৰ দাম বৃদ্ধি হোৱা নাই। কমাৰ্চিয়েল চিলিণ্ডাৰৰ দামহে বৃদ্ধি কৰা হৈছে।
উল্লেখযোগ্য যে বিগত মাহত কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম ৯১ টকা বৃদ্ধি কৰা হৈছিল। নৱেম্বৰ মাহত ১৯ কিলোগ্ৰামৰ কমাৰ্চিয়েল চিলিণ্ডাৰৰ উপভোক্তাই ১২৯০ টকাত লাভ কৰিছিল। ১ ডিচেম্বৰৰ পৰা কমাৰ্চিয়েল গেছ চিলিণ্ডাৰৰ দাম ৯১ টকা বাঢ়িছিল আৰু চিলিণ্ডাৰৰ দাম ১৩৮১.৫০ টকা হৈছিল।