নিউজ ডেস্কঃ লুঙী-টুপি নহয়, এইবাৰ নাঙলে স্থান পাব মিউজিয়ামত৷
কোনে ক’লে বাৰু এইষাৰ কথা?
মন্ত্ৰী ৰিহন দৈমাৰী গৃহ সমষ্টিৰ ওদালগুৰিত এখন নিৰ্বাচনী সভাত ভাষণ প্ৰদান কৰি স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে এই কথা৷
হেলিকপ্টাৰেৰে নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰিবলৈ অহা মন্ত্ৰী হিমন্ত বিশ্বৰ মতে এইবাৰ বিটিআৰত উৎখাত হ’ব বিপিএফ৷ বিগত ১৫ বছৰত এখনো আঁচনি বিটিআৰত প্ৰণয়ন নহ’ল বুলি আক্ষেপ প্ৰকাশ কৰি মন্ত্ৰী হিমন্তই বিশ্ব শৰ্মাই হাগ্ৰামাৰ দলক ক্ষুৰধাৰ সমালোচনা কৰে৷
এইবাৰ নিৰ্বাচনত নিশ্চিতভাৱে বিপিএফে মুখ থেকেচা খাব আৰু অতি শীঘ্ৰেই বিপিএফৰ নাঙলে মিউজিয়ামত স্থাব পাব বুলি মন্ত্ৰীগৰাকীয়ে ঘোষণা কৰে৷