নিউজ ডেস্কঃ আছুৰ দায়িত্বৰ পৰা পদত্যাগ কৰি বুধবাৰে আনুষ্ঠানিকভাৱে অসম জাতীয় পৰিষদত যোগদান কৰা লুৰীণজ্যোতি গগৈক দিয়া হ’ব পাৰে এজেপিৰ সভাপতিৰ দায়িত্ব। দলটোৰ এক সূত্ৰই সদৰী কৰিছে এই কথা। অৱশ্যে এজেপিৰ শিৱসাগৰত অনুষ্ঠিত হ’বলগীয়া অভিৱৰ্তনতহে দলটোৰ নেতৃত্ব কাক অৰ্পণ কৰা হয় সেয়া চূড়ান্ত কৰা হ’ব। ইফালে আন এক সূত্ৰৰ খবৰ অনুসৰি দলটোৰ নীতি নিৰ্ধাৰণ নিৰ্ণয় কৰিবলৈ এখন কৰ্ণধাৰ কমিটীও গঠন কৰা হ’ব।
খবৰ অনুসৰি, মুখ্য সমন্বয়ক ৰূপে দলটোক সংগঠিত কৰা জগদীশ ভূঞাক কাৰ্যবাহী সভাপতিৰ দায়িত্ব দিয়াৰ সম্ভাৱনা আছে। আনহাতে উপ সভাপতি ৰূপে ৰাজু ফুকন, সাধাৰণ সম্পাদক ৰূপে অদীপ কুমাৰ ফুকন আৰু যুটীয়া সাধাৰণ সম্পাদক হিচাপে চিত্ৰ বসুমতাৰী আৰু প্ৰচাৰ সম্পাদক ৰূপে জীয়াউৰ ৰহমানক নিৰ্বাচন কৰাৰ সম্ভাৱনা আছে।