সীমিত সংখ্যক চিকিৎসকেৰে চলিছে ৰাজ্যৰ স্বাস্থ্য খণ্ড ৷ প্ৰয়োজন অনুপাতে স্বাস্থ্য খণ্ডত যোগান নাই চিকিৎসক৷ ৰাজ্যৰ প্ৰতিখন জিলা যুটীয়া সঞ্চালকে দি অহা অভিযোগৰ পাছতো চিকিৎসক যোগান ধৰিব পৰা নাই৷ ইয়াৰ বিপৰীতে স্বাস্থ্য মন্ত্ৰীৰ উত্তৰ ‘টকাৰে মেচিন ক্ৰয় কৰিব পাৰি কিন্তু চিকিৎসক নোৱাৰি’ ৷
Inaugurated the two-day Review cum Orientation Workshop "Swasthya Manthan", organised by @nhm_assam, at
Assam Administrative Staff College, Khanapara, today and participated in the initial discussion session.@himantabiswa @CMOfficeAssam pic.twitter.com/4UPGw3WSja— Keshab Mahanta (@keshab_mahanta) June 8, 2022
মন্ত্ৰী কেশৱ মহন্তই কয় যে, সীমিত সংখ্যক চিকিৎসকেৰে আগবঢ়াব লাগিব সেৱা ৷ তাৰ নাই বিকল্প ৷ বুধবাৰৰ পৰা মহানগৰীত দুদিনীয়া কাৰ্য্যসূচীৰে স্বাস্থ্য বিভাগৰ অনুষ্ঠিত হৈছে বিশেষ ৰাজ্যিক কৰ্মশালা স্বাস্থ্য মণ্ঠন ৷ গৰ্ভৱতী মহিলা আৰু নৱজাতকৰ মৃত্যু সন্দৰ্ভত অনুষ্ঠিত বৈঠকত মৃত্যুৰ হাৰ ৰোধৰ ক্ষেত্ৰত ল’ব লগা সাৱধানতা তথা প্ৰণালীগত পদ্ধতিসমূহ পৰ্য্যালোচনা কৰে ৷