নিউজ ডেস্কঃ ইণ্ডোনেছিয়াৰ 2nd World Virtual Choir Festival & Competitionত জিলিকবলৈ সক্ষম হৈছে মাধৱদেৱৰ “গোৱিন্দ চিন্তহো’। Bandung Choral Societyৰ উদ্যেগত ১ ডিচেম্বৰৰ পৰা ৬ ডিচেম্বৰলৈ অনুষ্ঠিত হোৱা ভাৰ্চুৱেল প্ৰতিযোগিতা খনত প্ৰায় ৬০ খন দেশৰ ৭২ টা ক’য়েৰৰ দলে অংশগ্ৰহণ কৰিছিল।এই প্ৰতিযোগিতা খনত আমেৰিকাৰ নামঘৰ এছোচিয়েচন(নাম)ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱৰ ৫৭১-তম জন্মোৎসৱ পালন কৰা হয়।
উল্লেখ্য যে,আমেৰিকাৰ নিৱাসী অসমীয়া যুৱক-যুৱতীয়ে ভাৰতৰ এঞ্জেলছ লুইত কয়েৰৰ শিল্পীবৃন্দৰ সৈতে অসমৰ বিশিষ্ট সংগীত পৰিচালক জে বি ৰূপমত তত্বাৱধানত পোনপ্ৰথমবাৰৰ বাবে ভাৰ্চুৱেল কয়েৰ উপস্থাপনেৰে বৰগীত পৰিৱেশন কৰাৰ লগতে বিচাৰকৰ বিচাৰত গ্লড মেডেল পাবলৈ সক্ষম হয়।