নিউজ ডেস্কঃ ’ব’হাগতে ৰঙালী
মাঘতে ভোগালী
কাতিতে কঙালী বিহু…
অসমীয়াৰ বাপোতিসাহোন বিহুটি নাপাতি কেনেকৈ থাকো ৷’
অসমীয়াৰ হেঁপাহৰ মাঘ বিহু সমাগত ৷
উল্লেখযোগ্য যে পুহ-মাঘৰ সংক্ৰান্তিৰ দিনা ভোগালী বিহু বা মাঘ বিহু পালন কৰা হয়।
এই বিহুত কৃষকসকলে খেতি চপাই ভঁৰাল ওপচাই ৰাখে বাবে এই বিহু ভোগালী বিহু ৰূপে প্ৰচলিত।
মাঘ বিহুত খোৱা-বোৱাৰ ওপৰত বেছি গুৰুত্ব দিয়া হয়।
এই বিহুত সান্দহ, চিৰা, পিঠা, লাডু, আখৈ, আদি মানুহৰ ঘৰে ঘৰে উপচি পৰে।
মাঘ বিহুৰ মূল আকৰ্ষণ হ’ল মেজি পোৰা।
এই বিহুক ধৰ্মীয় ৰূপ দিবৰ কাৰণে মকৰ সংক্ৰান্তিও বুলিও কোৱা হয়।
এই সময়ত সূৰ্য্য মকৰ ক্ৰান্তিৰ ৰেখাৰ ওচৰলৈ যায় বাবে এই সংক্ৰান্তিৰ বিহু বা দোমাহীক মকৰ সংক্ৰান্তি বোলা হয়।
মাঘ বিহু অতীজৰে পৰা সমগ্ৰ অসমত এক গুৰুত্বপূৰ্ণ উৎসৱ হিচাপে পালন কৰি আহিছে।
মাঘ বিহু আদিম যুগৰ বড়োমূলীয় লোকসকলৰ প্ৰধান উৎসৱ আছিল।
পিছৰ পৰ্যায়ত কামৰূপ ৰাজ্যৰ দিনত আৰ্য ব্ৰাহ্মণ সকলে হিন্দু ৰীতি মতে তিথি নিৰ্ধাৰিত কৰি দিছিল।
মাঘ বিহুৰ দুটা প্ৰধান অংশ হৈছে মেজি আৰু উৰুকা।
মেজি শব্দটো উজনি অসমত সৃষ্টি হোৱা শব্দ। এই শব্দটো বড়ো-কছাৰী মূলীয় প্ৰাচীন চুতীয়া ভাষাৰ পৰা সৃষ্টি হৈছিল বুলি জনা যায়।
আনহাতে “উৰুকা” শব্দটো চুতীয়া ভাষাৰ পৰা অহা বুলি জনা যায় ৷
উল্লেখ্য, চুতীয়া আৰু আহোমৰ ৰাজত্বকালত ৰাজকীয় পৃষ্ঠপোষকতাৰে এই বিহু পালন কৰা হয় বুলি জনা যায়।
বিহুৰ দিনা ৰংঘৰৰ বাকৰিত বিভিন্ন খেল-ধেমালি, ৰং-ৰহইচৰ আয়োজন কৰা হৈছিল।
স্বৰ্গদেউসকলে ডা-ডাঙৰীয়াসকলৰ সৈতে উপস্থিত থাকি এই উৎসৱ উপভোগ কৰিছিল।
আকাশত শেন-কণুৱা আদি চৰাইক প্ৰশিক্ষণ দি ৰণ লগোৱা হৈছিল।
সেইদৰে হাতী যুঁজ, কুকুৰা যুঁজ, কণী যুঁজ, মল্ল যুঁজ, ম’হ যুঁজ, বুলবুলি চৰাইৰ যুঁজ আদিৰো সেইসময়তে প্ৰচলন হয় বুলি জানিব পৰা যায়।
সম্প্ৰতি অসমীয়াৰ মাঘ বিহু ব্যাপক পৰিবৰ্তন ঘটিছে ৷
এতিয়া মাঘ বিহুত ৰাইজে একগোট হৈ মাছ ধৰা পৰ্বও গাঁৱত দেখিবলৈ পোৱা নাযায় ৷
ৰাজ্যজুৰি ভোগালী মেলাও আয়োজন কৰা হ’ল ৷
অসমৰ বজাৰত পিঠা-লাড়ুৰ লগতে মেজিও সহজলভ্য হৈ পৰিল ৷
কাইলৈ মাঘ বিহুৰ উৰুকা ৷ অসমীয়াই হাঁহে-মাহে এসাঁজ খাবলৈ সাজু হৈছে ৷
লগতে ৰাজ্যত এতিয়া ভেলাঘৰ নিৰ্মাণৰ এক অঘোষিত প্ৰতিযোগিতাও অব্যাহত আছে।
আনহাতে মাঘৰ বিহুৰ বতৰত ঘৰৰ পৰা আঁতৰত থাকি কৰ্তব্য পালন কৰি আছে কাজিৰঙাৰ বনকৰ্মীয়ে।
আজি গভীৰ অৰণ্যৰ মাজত কান্ধত ঢোল লৈ পৰ্যটকৰ সৈতে এপাক বিহু নাচি আনন্দ আত্মহাৰা হৈ পৰিছে বনকৰ্মী।
আনহাতে গুৱাহাটী মহানগৰীৰ উজান বজাৰৰ মাছৰ বজাৰ ৰাইজৰ সেৱাৰ বাবে সাজু হৈ উঠিছে ৷
উল্লেখ্য, অসমীয়াৰ হেঁপাহৰ মাঘ বিহুৰ প্ৰাকক্ষণত সৰৱ হৈ উঠিছে গ্ৰাহক সুৰক্ষা সংস্থা।
কিয়নো এচাম অসাধু ব্যৱসায়ীয়ে যাতে অসমৰ বিহুৰ বজাৰখনত অত্যাধিক মূল্যবৃদ্ধি কৰি বিহুৰ বজাৰখন নষ্ট কৰি নেপেলাই তাৰ বাবে চৰকাৰৰ যোগান বিভাগক চোকা দৃষ্টি ৰাখিবলৈ সংস্থাৰ সভাপতি ড০ বীৰেন্দ্ৰ কুমাৰ দাস আৰু সম্পাদক বাবুল চৌধুৰীয়ে আহ্বান জনাইছে।