আজি মহা শিৱৰাত্ৰি ৷
ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভক্তই উলহ-মালহেৰে আয়োজন কৰিছে শিৱৰাত্ৰিৰ ৷
উমানন্দ, শুক্ৰেশ্বৰ মন্দিৰৰ লগতে মহানগৰীৰ বিভিন্ন প্ৰান্তত আড়ম্বৰপূৰ্ণভাৱে আয়োজন কৰিছে শিৱৰাত্ৰি ৷
নগাঁৱৰ ভেৰভেৰীস্থিত মহামৃত্যুঞ্জন মন্দিৰতো আজি ধূমধামেৰে আয়োজন কৰা হৈছে এই উৎসৱ ৷
মহাদেৱৰ উপাসনাৰ উদ্দেশ্যে প্ৰতিবছৰে ফাগুন মাহত আয়োজন কৰা হয় এই উৎসৱ ৷
জীৱন আৰু বিশ্বৰ ‘অন্ধকাৰ আৰু অৱহেলা আঁতৰ কৰা’ৰ উদ্দেশ্যে আৰাধনা কৰা হয় মহাদেৱক ৷
এই দিনটোত শিৱভক্তসকলে উপবাসে থাকি ভগৱান শিৱক স্মৰণ কৰাৰ লগতে শিৱৰ আৰতি পাঠ কৰে ৷
দেশৰ ৰাষ্ট্ৰপতি আৰু প্ৰধানমন্ত্ৰীয়ে পুৱাই দেশবাসীক শিৱৰাত্ৰিৰ শুভেচ্ছা জ্ঞাপন কৰে ৷
প্ৰধানমন্ত্ৰীয়ে শুভেচ্ছা জনোৱাৰ লগতে টুইটাৰত লিখিলে ‘হৰ হৰ মহাদেৱ’ ৷
देशवासियों को महाशिवरात्रि के पावन अवसर पर ढेरों शुभकामनाएं। हर-हर महादेव!
Greetings on the special occasion of Mahashivratri. Har Har Mahadev!
— Narendra Modi (@narendramodi) March 11, 2021
শিৱৰাত্ৰি উপলক্ষে তেজপুৰৰ ৰুদ্ৰপথত মহাদেৱৰ চিত্ৰ অংকন কৰিলে শিল্পী নীলিম মহন্তই ৷