নিউজ ডেস্কঃ মাজবাটত বিটিচি নিৰ্বাচনৰ ৰণশিঙা বজালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰঞ্জিৎ দাসৰ লগতে ৰাজ্যিক নেতৃত্বই।
বিটিচিত বিজেপিয়েই চৰকাৰ দখল কৰিব বুলি মাজবাটৰ পৰাই প্ৰথম সভা অনুষ্ঠিত কৰি এই জয় যাত্ৰা আৰম্ভ কৰিছে বিজেপিয়ে। এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাই কয় যে বিটিচিৰ ৰাইজে বিজেপিক চৰকাৰ গঠন কৰাত সহায় কৰিব। কংগ্ৰেছ আৰু এ আই ডি এফ একেটা মুদ্ৰাৰে ইপিঠি সিপিঠি ধৰ্মীয় ভোটৰ মেৰুকৰণ কৰিছে। আনহাতে পাকিস্তান জিন্দাবাদ ধ্বনি দিয়া সকলক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ ভাৰত চৰকাৰ আৰু অসম চৰকাৰক আহ্বান জনাইছে ৰঞ্জিৎ দাাসে। তেওঁ কয় যে, প্ৰশান্ত ফুকনৰ কংগ্ৰেছৰ চৰকাৰৰ দিনটো মূল্য বৃদ্ধি হৈছিল কিন্তু বিজেপি চৰকাৰৰ দিনত মূল্য বৃদ্ধি নিয়ন্ত্ৰণ কৰা হৈছে । ৰাইজে কিছু অসুবিধাৰ সন্মুখীন হৈছে কিন্তু তথাপিও নৰেন্দ্ৰ মোদীৰ ওপৰত আস্থা ৰাখিবলৈ আহ্বান জনাইছে ৰঞ্জিৎ দাসে ।