নিউজ ডেস্কঃ ক’ৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি চলিত শিক্ষা বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা চমুকৈ মেট্ৰিক পৰীক্ষা ২০২১ বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে৷ ছেবাৰ অধ্যক্ষ ৰমেশ চান্দ জৈনে সংবাদ মাধ্যমত প্ৰকাশ কৰা তথ্য অনুসৰি এইবাৰৰ মেট্ৰিক পৰীক্ষা ২০২১ বৰ্ষৰ মাৰ্চ মাহৰ প্ৰথম সপ্তাহৰ পৰা আৰম্ভ হ’ব বুলি প্ৰকাশ কৰিছে৷
আনহাতে ক’ৰোনাৰ পৰিপ্ৰেক্ষিতত সামাজিক ব্যৱধানৰ নীতি পালন কৰাৰ বাবে পৰীক্ষা কেন্দ্ৰৰ সংখ্যাও বৃদ্ধি কৰা হ’ব আৰু মূল্যায়ন পদ্ধতি ডিজিটেল যোগে কৰা হ’ব৷