বাইহাটা চাৰিআলিত শনিবাৰে মাৰোৱাৰী হাস্পতালে বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে ।
বাইহাটা চাৰিআলিৰ বিহদিয়া অঞ্চলত আয়োজন কৰে এই স্বাস্থ্য শিবিৰটো ।
জেষ্ঠ্য চিকিৎসক ডঃ এন এন শৰ্মা আৰু ডঃ আনিশ্বুল চৌধুৰীয়ে ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ।
১৫০ গৰাকী ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় শিবিৰত।
জ্বৰ, কাঁহ, গাঠিঁৰ বিষ, মূৰৰ বিষ, পেটৰ বিষ আৰু মধুমেহ আদি ৰোগত আক্ৰান্ত লোকসকলক চোৱাচিতা কৰে চিকিৎসকদ্বয়ে ।
ঔষধৰ বিনামূলীয়া বিতৰণ ,ৰক্তচাপ পৰীক্ষা, ডায়েবেটিক স্ক্ৰীনিং, ওজনৰ পৰীক্ষণ আদিৰ বিনামূলীয়া সেৱা প্ৰদান কৰা হয় লোকসকলক ।
স্বাস্থ্য শিবিৰৰ আয়োজনে ব্যক্তিৰ স্বাস্থ্য তথা স্বাস্থ্যবিধি সন্দৰ্ভত সদায়ে সমাজত এক ইতিবাচক প্ৰভাৱ পেলায় ।
মাৰোৱাৰী হাস্পতালৰ এই প্ৰচেষ্টাই সমাজক অধিক সচেতন আৰু ৰোগ সন্দৰ্ভত ৰোগীক সজাগ কৰি তোলাৰ লগতে সতৰ্কতা অৱলম্বন কৰাত সহায় কৰে ।
ভৱিষ্যতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰি দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে বিনামূলীয়া ঔষধ বিতৰণ কৰিব মাৰোৱাৰী হাস্পতালে ।
উল্লেখ্য,স্বাস্থ্য শিবিৰত ৰোগীৰ সৈতে ক’ভিড-১৯ সতৰ্কতা সন্দৰ্ভতো আলোচনা কৰে চিকিৎসকে ।