কামৰূপ(মেট্ৰ’)ৰ ধাৰাপুৰত বুধবাৰে মাৰোৱাৰী হাস্পতালে এক বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰে ।
‘এচঅ’এচ ভিলেজ’ ৰ সহযোগিতাত আজাৰাৰ ধাৰাপুৰত আয়োজন কৰে এই বিনামূলীয়া স্বাস্থ্য শিবিৰ ৷
জেষ্ঠ্য চিকিৎসক ডাঃ এন এন শৰ্মাই ৰোগীসকলৰ স্বাস্থ্য পৰীক্ষা কৰে ।
১৭০ গৰাকী ৰোগীৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা কৰা হয় শিবিৰত।
জ্বৰ, কাঁহ, গাঠিঁৰ বিষ, মূৰৰ বিষ, পেটৰ বিষ আৰু মধুমেহ আদি ৰোগত আক্ৰান্ত লোকসকলক চোৱাচিতা কৰে চিকিৎসকগৰাকীয়ে ।
ঔষধৰ বিনামূলীয়া বিতৰণ ,ৰক্তচাপ পৰীক্ষা, ডায়েবেটিক স্ক্ৰীনিং, ওজনৰ পৰীক্ষণ আদিৰ বিনামূলীয়া সেৱা প্ৰদান কৰা হয় লোকসকলক ।
স্বাস্থ্য শিবিৰৰ আয়োজনে ব্যক্তিৰ স্বাস্থ্য তথা স্বাস্থ্যবিধি সন্দৰ্ভত সদায়ে সমাজত এক ইতিবাচক প্ৰভাৱ পেলায় ।
মাৰোৱাৰী হাস্পতালৰ এই প্ৰচেষ্টাই সমাজক অধিক সচেতন আৰু ৰোগ সন্দৰ্ভত ৰোগীক সজাগ কৰি তোলাৰ লগতে সতৰ্কতা অৱলম্বন কৰাত সহায় কৰিব ।
ভৱিষ্যতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিনামূলীয়া স্বাস্থ্য শিবিৰ আয়োজন কৰি দৰিদ্ৰ লোকক বিনামূলীয়া চিকিৎসা সেৱাৰ লগতে
বিনামূলীয়া ঔষধ বিতৰণ কৰিব মাৰোৱাৰী হাস্পতালে ।
উল্লেখ্য, স্বাস্থ্য শিবিৰত ৰোগীৰ সৈতে ক’ভিড-১৯ সতৰ্কতা সন্দৰ্ভতো আলোচনা কৰে চিকিৎসক ডাঃ এন এন শৰ্মাই।