ভাৰতীয় তেল নিগম লিমিটেডে ২০৭০ চনৰ ভিতৰত COP 26 ত নেট জিৰ’ লাভ কৰাৰ লক্ষ্য স্থিৰ কৰিছে আৰু সেই অনুসৰি শক্তি হ্ৰাস, গছপুলি ৰোপণ, গতানুগতিক ইন্ধনৰ সলনি সেউজ ইন্ধন আদিৰ দৰে বিভিন্ন পদক্ষেপ গ্ৰহণৰ যোগেদি আকাংক্ষিত লক্ষ্যত উপনীত হ’বলৈ বিভিন্ন কাৰ্য্যপন্থা হাতত লৈছে।
ভাৰতীয় তেল নিগমত চলি থকা নেট জিৰ’ পদক্ষেপৰ অংশ হিচাপে গুৱাহাটী শোধনাগাৰে চিনাক্ত কৰা ১.২ হেক্টৰ মাটিত কাৰ্বন নিষ্কাশনৰ বাবে “সংশোধিত” আকিৰা মিয়াৱাকি পদ্ধতিৰ জৰিয়তে অতিৰিক্ত বৃক্ষৰোপণৰ যোগেদি নিৰ্গমন হ্ৰাস কৰাৰ লক্ষ্য ৰাখিছে য’ত ৪ টাতকৈ অধিক প্ৰজাতিৰ গছপুলিৰ থলুৱা প্ৰজাতিৰ ২৫,০০০ পুলি ৰোপণ কৰা হ’ব। এই পদক্ষেপৰ সফল ৰূপায়ণৰ বাবে গুৱাহাটী শোধনাগাৰৰ দ্বাৰা বিশ্ব পৰিবেশ দিৱস উদযাপনৰ সময়ত যোৱা ৫ জুন, ২০২৪ তাৰিখে গুৱাহাটী শোধনাগাৰে প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদ, অসমৰ সৈতে এক বুজাবুজিৰ চুক্তিও স্বাক্ষৰ কৰে।