খাৰঘুলিৰ ৰাজ ভৱনৰ সমীপৰ পানীতল অঞ্চলত আজি বিদ্যুৎ বিভাগৰ এটা ট্ৰেন্সফৰ্মাৰত অগ্নিকাণ্ড সংঘটিত হয়। এটা চৰাই ট্ৰেন্সফৰ্মাৰটোত পৰাৰ ফলত অগ্নিকাণ্ডটো সংঘটিত হোৱা বুলি অগ্নি নিৰ্বাপক বাহিনীয়ে জানিব দিয়ে।স্থানীয় ৰাইজ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ তৎপৰতাত অগ্নি নিৰ্বাপন কৰা হয়। এই অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই।