নিউজ ডেস্কঃ ভোগালী বিহুৰ উৰুকাৰ সময়ত ৰাজ্যত নাটনি হ’ব পাৰে মাংসৰ!
এই আশংকা ব্যক্ত কৰিছে গুৱাহাটী মহানগৰীৰৰ মাংস বিক্ৰেতা সকলে। ৰাজ্য চৰকাৰে বহিঃ ৰাজ্যৰ পৰা হাঁহ আৰু কুকুৰাৰ আমদানি বন্ধ ঘোষণা কৰাৰ পিছতে ভোগালী বিহুৰ উৰুকাৰ দিনা মাংসৰ নাটনি হোৱাৰ লগতে মাংসৰ অস্বাভাৱিক মূল্য বৃদ্ধিৰ সম্ভাৱনাও দেখা দিছে।
উল্লেখ্য যে, কোৰোনা মহামাৰীৰ পিছত দেশৰ বিভিন্ন প্ৰান্তত দেখা দিছে বাৰ্ড ফ্লু’ৱে।
অসমত যদিও বৰ্তমানলৈকে বাৰ্ড ফ্লু চিনাক্ত হোৱা নাই, তথাপি এই মহামাৰী প্ৰতিৰোধৰ বাবে আগতীয়া ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।
সেই অনুসৰিৰ আবেদনৰ ভিত্তিত অসম চৰকাৰে শুকুৰবাৰৰ পৰা কাৰ্যকৰী হোৱাকৈ হাঁহ-কুকুৰাৰ আমদানি বন্ধৰ কথা এক নিৰ্দেশনাৰ জৰিয়তে ঘোষণা কৰিছে।
প্ৰণিধানযোগ্য যে, অসমত মাংসৰ চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিদিনে ১০ টন কুকুৰা বহিঃ ৰাজ্যৰ পৰা আমদানি হৈ আহিছে।
ইফালে উৰুকাৰ ভোজ-ভাতৰ বাবে ৰাজ্যত ১০ টন মাংসই যথেষ্ট হ’ব বুলি পশুধন বিভাগৰ অধ্যক্ষ মনোজ শইকীয়াই মন্তব্য কৰিলেও সেই দাবী নসাৎ কৰিছে মহানগৰৰীৰ একাংশ মাংস বিক্ৰেতাই।
মাংস বিক্ৰেতা সকলে বিহুৰ সময়ত মাংসৰ নাটনি হ’ব বুলি আশংকা কৰাৰ লগতে চাহিদাৰ ভিত্তিত মাংসৰ অস্বাভাৱিক মূল্য বৃদ্ধি হ’ব বুলিও দাবী কৰিছে।