অসম চৰকাৰৰ হাতত কোনোধৰণৰ তালিকা নাই মাইক্ৰফাইনেন্স (MFI) ৰ পৰা ঋণ গ্ৰহণ কৰা মহিলাৰ। আজি বিধানসভাত বিধায়ক দেৱব্ৰত শইকীয়াৰ লিখিত প্ৰশ্ন এটাৰ উত্তৰত বিত্তমন্ত্ৰী অজন্তা নেওগে এই কথা জানিবলৈ দিয়ে। যিহেতু দেশত MFI ঋণসমূহ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ নিয়ন্ত্ৰণত থকা চাৰিটা প্ৰতিষ্ঠানেহে প্ৰদান কৰে, সেয়েহে ইয়াত ৰাজ্য চৰকাৰৰ বিত্ত বিভাগৰ কোনোধৰণৰ প্ৰত্যক্ষ ভূমিকা নাথাকে বুলি মন্ত্ৰীগৰাকীয়ে জনায়। উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত MFI ঋণ মাফ কৰাটো বিজেপি চৰকাৰৰ এটা প্ৰধান প্ৰতিশ্ৰুতি আছিল।