নিউজ ডেস্কঃ ১,১৮,৯৯৮ গৰাকী মধ্যাহ্ন ভোজন ৰ কৰ্মচাৰী সকলক ৰাজ্য চৰকাৰৰ পৰা মাহে ৫০০ টকাকৈ সংযোজন কৰা হ’ব সংবাদমেল যোগে এই কথা ব্যক্ত কৰে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ।
আগতে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী সকলে কেন্দ্ৰীয় চৰকাৰৰ পৰা পাইছিল ১০০০ টকা । এতিয়াৰে পৰা তেওঁলোকে মুঠ ১৫০০ টকাকৈ কৈ পাব।
এপ্ৰিলৰ পৰা কাৰ্যকাৰী হব এই দৰমহা। পূজাৰ আগতে এপ্ৰিলৰ পৰা অক্টোবৰৰ ধনখিনি একাউন্ট যোগে দিয়া হ’ব বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে৷ আনহাতে তেওঁ কয় যে, ১৫৭৬ জন শিক্ষকৰ চাকৰি নিয়মীয়া এইবাৰ কৰা হব ৷ আদালতত এই সন্দৰ্ভত এটা গোচৰো চলি আছিল৷ এই গোচৰৰ অন্তত চাকৰি নিয়মীয়া হ’ব বুলি ঘোষণা কৰা হৈছে আৰু ১ নৱেম্বৰৰ পৰা দৰমহা লাভ কৰিব বুলি জনোৱা হৈছে৷
প্ৰশিক্ষণ নথকা ২৯৬০ গৰাকী শিক্ষকক টিউটৰ হিচাপে নিযুক্তি দিয়া হ’ব ।
উল্লেখ্য, প্ৰাদেশিকীকৰণৰ ২ নং তালিকা নৱেম্বৰত দিয়া হ’ব৷