নিউজ ডেস্কঃ মোগেম্ব’ৰ ভূমিকাত কংগ্ৰেছ।
টীয়কত আজি অনুষ্ঠিত অসম গণ পৰিষদ দলৰ জাতীয় ঐক্য সমাৰোহত কংগ্ৰেছক বিখ্যাত চলচ্চিত্ৰ মিঃ ইণ্ডিয়াৰ খলনায়ক মোগেম্ব’ৰে তুলনা কৰিলে অতুল বৰাই।
জনতাৰ সন্মুখত সভাপতি বৰাৰ উদাত্ত ভাষণত কংগ্ৰেছক ক’ৰোনা ভাইৰাছতকৈও অধিক ভয়াবহ ভাইৰাছ বুলিও মন্তব্য কৰে বৰাই।
বিধানসভা নিৰ্বাচনৰ পূৰ্বে অগপৰ এই তীক্ষ্ণ বাক্যবাণ সমালোচকৰ প্ৰতি।
কংগ্ৰেছ আৰু এআইইউডিএফৰ মিত্ৰতাক লৈ সন্তুষ্ট নহয় অতুল বৰা।
লগতে তেওঁ কয় যে আজমলৰ জৰা-ফুকা কৰা পানী খালে কমি নাযায় এই ভাইৰাছৰ ভয়াৱহতা।
খলনায়ক মোগেম্ব’ৰ সৈতে সকলো কংগ্ৰেছীক তুলনা কৰি অতুল বৰাই কয় যে অসমত আঞ্চলিকতাবাদৰ ধ্বজ্বা বহন কৰিছে কেৱল অগপই, বাকী নৱগঠিত দলসমূহ দুমহীয়া আন্দোলনৰ ফচল হে মাত্ৰ।
উল্লেখ্য, বিশাল ঐক্য সমাৰোহত ভাষণ প্ৰদান কৰে বিধায়িকা ৰেণুপমা ৰাজখোৱাইও।