নিউজ ডেস্কঃ বি টি আৰত প্রমোদ বড়োৰ নেতৃত্বত ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ সন্মিলিত নৱনির্বাচিত পৰিষদখনে কালি আনুষ্ঠানিকভাৱে শপত লোৱাৰ পাছতে বি টি আৰত আইন- শৃংখলাজনিত পৰিস্থিতিৰ উদ্ভৱ হোৱাৰ শংকা ব্যক্ত কৰিছে বি পি এফ দলৰ জ্যেষ্ঠ নেত্রী তথা সমাজ কল্যাণ মন্ত্রী প্রমিলা ৰাণী ব্রহ্মই৷ কোকৰাঝাৰত আজি আয়োজিত এখন সংবাদমেলত মন্ত্রী প্রমিলা ৰাণী ব্রহ্মই বি টি আৰত ইউ পি পি এল, বিজেপি আৰু জি এছ পিৰ সন্মিলিত চৰকাৰখনক মুকলি আদৰণি জনাই কয়, তেওঁলোকে ভালকৈ চলাওক আৰু ৰাইজৰ আশা-আকাংক্ষা পূৰণ কৰক৷
কিন্তু ইয়াত আইন-শৃংখলাজনিত পৰিস্থিতিৰ সৃষ্টি নকৰিবলৈ আহবান জনায় মন্ত্রী ব্রহ্মই৷ তেওঁ লগতে ইউ পি পি এল দলৰ যৌথ চৰকাৰ গঠনৰ পাছতে বি পি এফ কর্মীৰ ঘৰে ঘৰে গৈ ফটকা ফুটোৱা, অশালীন ব্যৱহাৰ কৰা আৰু অত্যাচাৰ চলোৱা বুলি আজি এক গুৰুতৰ অভিযোগ তুলি উক্ত ঘটনাক গৰিহণা দিয়ে৷ সেয়ে বিষয়টোক লৈ বিজেপিৰ মুৰববী আৰু চৰকাৰৰ মুৰববীক অত্যাচাৰ বন্ধ কৰিবলৈ আহবান জনোৱাৰ লগতে বিষয়টো ফ’নযোগে মুখ্যমন্ত্রীকো অৱগত কৰায় মন্ত্রী ব্রহ্মই৷ আজিৰ সংবাদমেলত প্রমিলা ৰাণী ব্রহ্মই নির্বাচনত বি পি এফক ভোটদান কৰা ৰাইজক ধন্যবাদ দি শান্তি-সম্প্রীতি বজাই ৰখাৰ দায়িত্ব লৈ ৰাইজক কাম কৰিবলৈ আহবান জনায়৷
সংবাদমেলত মন্ত্রী প্রমিলা ৰাণী ব্রহ্মই বি টি চি নির্বাচনত ৰাইজৰ জনাদেশ অনুসৰি বি পি এফ দলে সংখ্যাগৰিষ্ঠ আসন পোৱাৰ পিছতো দলটোক চৰকাৰ গঠনৰ বাবে আহবান নজনোৱাত তীব্র প্রতিক্রিয়া ব্যক্ত কৰি গণতান্ত্রিক দেশত এনেকুৱা ছিষ্টেম নাই যদিও বিজেপিৰ মুৰববীসকলে অগণতান্ত্রিকভাৱে ইউ পি পি এলৰে মিলি চৰকাৰ বনালে৷ তেওঁ সংবাদমেলত বি পি এফে আইনৰ আশ্রয় লৈছে আৰু আইনে যি ৰায় দিয়ে তাকে মানি ল’ব বুলি কয়৷
সংবাদমেলত গোসাইগাঁৱত বি পি এফ দলৰ পৰা যমদুৱাৰ সমষ্টিত জয়ী হোৱা প্রার্থী তথা বি টি চিৰ প্রাক্তন কার্যবাহী সদস্য ৰেওৰেৱা নার্ৰীয়ে বি পি এফ দল ত্যাগ কৰি বি টি আৰৰ নৱনির্বাচিত চৰকাৰৰ শিবিৰত চামিল হোৱা ঘটনাক দুর্ভাগ্যজনক আখ্যা দিয়ে মন্ত্রীগৰাকীয়ে৷ বি পি এফ দল ত্যাগ কৰা ৰেওৰেৱা নার্ৰীৰ দৰে জনপ্রিয় এজন নেতাৰ এনে আচম্বিত কার্য কোনোদিনে কল্পনা কৰা নাছিল বুলি কয় প্রমিলা ৰাণী ব্রহ্মই৷ উল্লেখযোগ্য যে সদ্যক্রয়-বিক্রয়ত শংকিত হৈ বি পি এফ দলেও বিজয়ী প্রার্থীসকলক কালিয়েই সম্বর্ধনা জনাবলৈ কোকৰাঝাৰলৈ মাতি আনি গৌৰাংগ বিলাসী হোটেলৰ কক্ষত পণবন্দী কৰি ৰখা বুলি জনা গৈছে৷