মহানগৰীৰ আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত আজি সমগ্ৰ দেশৰ লগতে ৰাজ্যতো নতুনকৈ স্বাস্থ্যকেন্দ্ৰ সমূহত সংযোজন কৰা মিছন ইন্দ্ৰধনুষ ৪.০ ৰ আনুষ্ঠানিক ভাৱে শুভাৰম্ভ কৰা হয়। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ উপস্থিতিত ৰাজ্যৰ লগতে সমগ্ৰ দেশতে ভাৰ্চুৱেল যোগে মিছন ইন্দ্ৰধনুষ ৪.০ ৰ মুকলি কৰে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰী ড০ মনসুখ মণ্ডাভিয়াই। ইন্দ্ৰধনুষৰ জড়িয়তে টীকাকৰণৰ পৰা বঞ্চিত শিশুক পুনৰ টীকাকৰণ সম্পন্ন কৰাৰ বাবে এই মিছন আৰম্ভ কৰা হয়। তিনিটা পৰ্য্যায় ক্ৰমে ৭ ৰ পৰা ১৫ ফ্ৰেব্ৰুৱাৰী, ৭ ৰ পৰা ১৫ মাৰ্চ আৰু ৪ ৰ পৰা ১২ এপ্ৰিললৈ শিশুসকলক টিকাকৰণ দিয়া হ’ব।
আনহাতে ক’ভিডৰ সময়ত টিকাকৰণ চলি আছিল যদিও বিভিন্ন বাধাৰ বাবে ৰাজ্যৰ এক লাখৰো অধিক শিশু এই টিকাকৰণৰ পৰা বঞ্চিত হৈছিল। এইসকল শিশুক বিচাৰি পুনৰ টিকাকৰণৰ ব্যৱস্থাৰ বাবেই মিছন ইন্দ্ৰধনুষ ৪.০ ৰ মুকলি কৰাৰ কথা ব্যক্ত কৰে মন্ত্ৰী কেশৱ মহন্তই। আজিৰ এই শুভাৰম্ভণি কাৰ্যসূচীত কামৰূপৰ উপায়ুক্ত কৈলাশ কাৰ্তিক এন, এফ.ডব্লিউৰ সঞ্চালক মুনীন্দ্ৰ সিং নাটে, এন.এইচ.এমৰ মিছন এচ লক্ষ্মণ, আজাৰা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ভাৰপ্ৰাপ্ত মহকুমা স্বাস্থ্য বিষয়া ডা: ধ্ৰুৱজ্যোতি বৰুৱা, উপ অধীক্ষক ডা: এন.চি শৰ্মা বৰদলৈকে ধৰি স্বাস্থ্য বিভাগৰ বহু উচ্চ পদস্থ বিষয়া, আশাকৰ্মীসকল উপস্থিত থাকে।