ভাৰতীয় হকী খেলুৱৈ লালৰেমছিয়ামী হৈছে মিজোৰামৰ প্ৰথম গৰাকী মহিলা অলিম্পিক খেলুৱৈ, যিয়ে প্ৰায় ২৫ বছৰৰ অন্তত মিজোৰামৰ পৰা অলিম্পিক প্ৰতিযোগিতাৰ পথাৰত খোজ পেলাবলৈ যোগ্যতা অৰ্জন কৰিছে। শেহতীয়াকৈ খেলুৱৈ গৰাকীয়ে টকিঅ’ অলিম্পিকত ভাৰতক প্ৰতিনিধিত্ব কৰিবলৈ যোগ্যতা অৰ্জন কৰিছে। তথ্য অনুসৰি, খেলুৱৈগৰাকীয়ে ২৩ জুলাইৰ পৰা ৮ আগষ্টলৈ চলিবলগীয়া টকিঅ’ অলিম্পিকত আত্মপ্ৰকাশ কৰিবলৈ সম্পূৰ্ণ ৰূপে সাজু হৈ উঠিছে।
২১ বছৰীয়া খেলুৱৈ গৰাকী ১৬ জনীয়া ভাৰতীয় মহিলা হকী দলত অন্তৰ্ভুক্ত ৮ জন নৱাগত খেলুৱৈৰ ভিতৰত এজন। লালৰেমছিয়ামীৰ উপৰিও দলটোত অন্তৰ্ভুক্ত হোৱা আন ৭ জন নৱাগত খেলুৱৈ ক্ৰমে- গুৰজিৎ কৌৰ (ডিফেণ্ডাৰ), উদিতা (ডিফেণ্ডাৰ), নিশা (মিড ফিল্ডাৰ), নৱনীত কৌৰ (ফৰৱাৰ্ড), শৰ্মিলা দেৱী (ফৰৱাৰ্ড), আৰু চেলিমা টেটে (মিড ফিল্ডাৰ)।
ইপিনে, মিজোৰামৰ ক্ৰীড়া মন্ত্ৰী ৰবাৰ্ট ৰোমাৱিয়া ৰয়টে অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰি খেলুৱৈ গৰাকীক প্ৰশংসা কৰাৰ লগতে শুভেচ্ছা জ্ঞাপন কৰে।