নিউজ ডেস্কঃ বুধবাৰে দেৰগাঁও সমষ্টিৰ প্ৰাক্তন বিধায়িকা তথা কংগ্ৰেছ নেত্ৰী আৰতি হাজৰিকা কছাৰী হৃদৰোগত আক্ৰান্ত হৈ মৃত্যু হয় ৷
উল্লেখযোগ্য যে ২০১১ চনৰ পৰা ২০১৫ চনলৈ দেৰগাঁও বিধানসভা সমষ্টিৰ বিধায়িকা হিচাপে কাৰ্যনিৰ্বাহ কৰা কংগ্ৰেছ নেত্ৰীগৰাকী মঙলবাৰে নিশা হঠাৎ অসুস্থ হৈ পৰাত দেৰগাঁৱৰ চৰকাৰী চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷
কিন্তু স্বাস্থ্যৰ অধিক অৱনতি ঘটাত শেষ নিশ্বাস ত্যাগ কৰে প্ৰাক্তন বিধায়িকাগৰাকীয়ে।
বিধায়িকা আৰতি হাজৰিকা কছাৰীৰ বিয়োগত সমগ্ৰ দেৰগাঁৱতে শোকৰ ছাঁ বিৰাজ কৰিছে।
বৰ্তমান অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সম্পাদিকাৰ দায়িত্বত থকা প্ৰয়াত নেত্ৰীগৰাকী আছিল একালৰ দেৰগাঁও নগৰ সমিতিৰ সভানেত্ৰী।
আৰতি হাজৰিকা কছাৰীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।