বিজি কলনী,মিলন নগৰ পকী পথ নিৰ্মানৰ আধাৰশিলা স্থাপন উপলক্ষে উন্নয়ন সমিতিৰ উদ্যেগত ৰবিবাৰে এক সম্বৰ্দ্ধনা অনুষ্ঠান অনুস্থিত হৈ যায়। অনুষ্ঠানৰ আৰম্ভনিতে মিলন নগৰ ৰাজহুৱা পথৰ নিৰ্মানৰ আধাৰশিলা স্থাপন কৰে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই। বিধায়ক কলিতা উপস্থিত হোৱাৰ লগে লগে উপস্থিত ৰাইজে পু্স্প বৃষ্টিৰে উষ্ম আদৰনি জনায় আৰু শংখ, দবা, তাল বজাই মংগলাচৰন ধ্বনিৰে বিধায়ক গৰাকীয়ে আধাৰশিলা স্থাপন কৰি পথ নিৰ্মানৰ শুভাৰম্ভনি কৰে। আধাৰশিলা স্থাপনৰ পাছতেই উপস্থিত ৰাইজে সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা জিন্দাবাদ, বিশিষ্ট জাতীয়তাবাদী নেতা জিন্দাবাদ ধ্বনিৰে সভাস্থলীলৈ আদৰি লৈ যায়।
বিশিষ্ট শ্ৰমিক নেতা তথা সমাজকৰ্মী দিলীপ কুমাৰ চক্ৰৱৰ্তীৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত বিশিষ্ট সংগীত শিল্পী কিৰণৱাৰলা দেৱীয়ে সুধাকন্ঠ ভূপেন হাজৰিকাৰ গীতেৰে সভাৰ শুভাৰম্ভনি কৰে। সভাৰ উদ্দেশ্য ব্যাখ্যা আৰু আদৰনি ভাষন প্ৰদান কৰি মিলন নগৰ উন্নয়ন সমিতিৰ সভাপতি অলকেশ পাটোৱাৰীয়ে এই পথ নিৰ্মানৰ কামত পশ্ছিম গুৱাহাটী সমষ্টিৰ বিধায়ক গৰাকীৰ সহায় -সহযোগিতাৰ শলাগ লয় আৰু কৃতজ্ঞতা প্ৰকাশ কৰে। এই সভাতেই সন্মানীয় বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতা আৰু বিশিষ্ট শ্ৰমিক নেতা দিলীপ কুমাৰ চক্ৰৱৰ্তীক তেওঁলোকে জাতীয় জীৱন আৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি হিচাপে ফুলাম জাপি,গামোচা আৰু অভিনন্দন পত্ৰৰে বিশেষ সম্বৰ্দ্ধনা জনোৱা হয়। সভাত ২ নং ৱাৰ্ডৰ পাৰিষদ মুকুল কলিতা, ১২ নং ৱাৰ্ডৰ প্ৰাক্তণ পাৰিষদ ভূপেন ঠাকুৰীয়া, শ্ৰমিক নেতা নেকিবুৰ জামান, পংকজ কলিতা, সমাজকৰ্মী মুকুট কলিতা, বাবু প্ৰসাদ শৰ্মা, ৰবি শংকৰ ৰায়, ডাঃ সমৰ গগৈক একোখন ফূলাম গামোচাৰে সম্বৰ্ধনা জনোৱা হয়।
সভাত বক্তব্য ৰাখি বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই নিৰ্দ্ধাৰিত সময়ৰ আগতে পথ নিৰ্মানৰ কাম সম্পূৰ্ন হব বুলি ঘোষনা কৰে আৰু সকলো ধৰনৰ সহায় সহযোগিতাৰ আশ্বাস প্ৰদান কৰে।লগতে ৰাইজক পৰিৱেশ ভাৰসাম্য ৰক্ষাৰ বাবে বৃক্ষ ৰোপন আৰু পৰিস্কাৰ পৰিচ্ছন্নতা বজাই ৰাখিবলৈ আহ্বান জনায়। তেওঁ এই পথচোৱা নিৰ্মানৰ ক্ষেত্ৰত উন্নয়ন সমিতিৰ সভাপতি অলকেশ পাটোৱাৰীয়ে লোৱা নেৰানেপেৰা চেষ্টাৰ ভূয়সী প্ৰসংশা কৰে। সভাত মিলন নগৰৰ কেইবা গৰাকী বাসিন্দাই বিভিন্ন সমস্যা সৰ্ম্পকে বক্তব্য ৰাখে। শ্ৰমিক নেতা পংকজ কলিতাই বক্তব্য ৰাখি স্থানীয় সমস্যা সমূহক সদায়ে অগ্ৰাধিকাৰ দি সেইবোৰ পূৰণ কৰাৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰা বাবে বিধায়ক গৰাকীৰ শলাগ লয়। উল্লেখযোগ্য যে এই সভাত নিকটৱৰ্তী উন্নয়ন সমিতিৰ নেতৃত্ব তথা কেবাগৰাকীও গন্য মান্য ব্যাক্তি উপস্থিত থাকি তেওঁলোকৰ অঞ্চলৰ অভাৱ -অভিযোগ ডাঙি ধৰে আৰু এইক্ষেত্ৰত বিধায়ক গৰাকীৰ সহায়ৰ বাবে আবেদন জনায়।