পশ্চিম গুৱাহাটী সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ন কলিতাই আজি সমষ্টিটোৰ বিভিন্ন অঞ্চলৰ দুখীয়া পৰিয়ালৰ জটিল ৰোগত আক্ৰান্ত হৈ থকা ৰোগীসকলক বিধায়ক পূঁজিৰ পৰা আৰ্থিক সাহায্যৰ চেক বিতৰণ কৰে। এই উপলক্ষে কাঁহিকুছি গাঁও পঞ্চায়ত কাৰ্য্যলয় চৌহদত এক অনুষ্ঠানৰ আয়োজন কৰা হয়। একে দিনাই মহানগৰীৰ আমবাৰী দূৰ্গা মন্দিৰ প্ৰাংগণত মহানগৰীৰ বিভিন্ন অঞ্চলৰ জটিল ৰোগত আক্ৰান্ত হোৱা ৰোগীসকলকো এক অনুষ্ঠানত চেক সমূহ প্ৰদান কৰে।
আজি সমষ্টিটোৰ সৰ্বমুঠ ১২০ গৰাকী ৰোগীক আৰ্থিক সাহাৰ্যৰ চেক প্ৰদান কৰা হয়। আজিৰ এই অনুষ্ঠানত উপস্থিত থাকে অগপৰ কেন্দ্ৰীয় সম্পাদক সুভাষ শৰ্মা, জেষ্ঠ্য নেতা পৰমেশ্বৰ বৰ্মন, কাঁহিকুছি গাঁও পঞ্চায়তৰ সভাপতি জগন্নাথ ঠাকুৰীয়া প্ৰমুখ্যে বিভিন্ন পৰ্যায়ৰ নেতা কৰ্মী তথা ৰাইজ উপস্থিত থাকে।