শনিবাৰে মাৰোৱাৰী হাস্পতালে মুকলি কৰে বহু প্ৰত্যাশিত ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ ৷
ব্যক্তিগত হাস্পতালে মুকলি কৰা উত্তৰ-পূবৰ প্ৰথমখন ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ মাৰোৱাৰী হাস্পতালৰ বাবে এক মাইলৰ খুঁটি ৷
উল্লেখ্য, গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ ইতিমধ্যেই ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ আছে ৷
ইয়াৰ উপৰি ৰক্তদান কৰিব বিচৰা লোকসকলৰ বাবেও এই ভেন অতি সুবিধাজনক ৷
কাৰণ হাস্পতাললৈ আহিবলৈ অসুবিধা হ’লেও এতিয়াৰে পৰা ৰক্তদান কৰিব বিচৰা লোকসকলৰ ওচৰত নিজেই উপস্থিত হ’বগৈ ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ ৷
মাৰোৱাৰী হাস্পতালে লগতে উল্লেখ কৰে যে, মহানগৰীৰ ৩২-৩৫খন বিভিন্ন স্বাস্থ্যসেৱাৰ প্ৰতিষ্ঠানলৈ প্ৰয়োজনীয় ৰক্ত প্ৰদান কৰে মাৰোৱাৰী হাস্পতালে ৷
পৰৱৰ্তী পৰ্যায়ত এই ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ ৰাজ্যৰ সকলো প্ৰান্ততে উপলব্ধ হ’ব ৷
কলকাতাৰ চিডিই এচিয়ান লিমিটেডে CSR পদক্ষেপ হিচাপে মাৰোৱাৰী হাস্পতালক ‘মোবাইল ব্লাড ডনেশ্বন ভেন’ৰ ক্ষেত্ৰত আৰ্থিক সহযোগিতা আগবঢ়াইছে ৷