নিউজ ডেস্কঃ ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তনত অংশগ্ৰহণ কৰিব ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ৰমেশ পোখৰিয়াল ৷
দেশৰ শিক্ষা বিভাগে টুইটাৰযোগে আনুষ্ঠানিকভাৱে প্ৰধানমন্ত্ৰী মোদীয়ে তেজপুৰ বিশ্ববিদ্যালয়ৰ দীক্ষান্ত সমাৰোহত অংশগ্ৰহণ কৰিব বুলি জানিব দিয়ে ৷
উল্লেখ্য, ক’ভিড মহামাৰীৰ বাবে তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ ১৮ সংখ্যক অভিৱৰ্তন চলিত বৰ্ষত ভাৰ্চুৱেলী অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত লৈছে ৷
নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ লগতে এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু ৰাজ্যপাল জগদীশ মুখী ৷