ডিব্ৰুগড়ৰ লেপেটকটা চাহ বাগিচাৰ শ্ৰমিক মইনা নায়কে হাস্পতালত মৃত্যুৰে যুঁজিছে। কলঘৰৰ চাহপাত শুকোৱা মেচিনৰ তলত কাম কৰি থাকোতে মইনা নায়কৰ চুলি সোমাই পৰাত গুৰুতৰভাৱে আহত হৈছিল। জানিব পৰা মতে, এখন হাত ভাগি যোৱাৰ উপৰিও তেওঁৰ লাওখোলাৰ এফালো খুলি গৈছে। চিকিৎসাৰ বাবে AMCHলৈ নিয়া হৈছিল যদিও শল্য চিকিৎসক নথকাৰ বাবে GMCH লৈ প্ৰেৰণ কৰে।
সম্প্ৰতি হাস্পতালৰ বিচনাত জীৱন–মৃত্যুৰে যুঁজি আছে মইনা নায়ক। ইফালে, মইনা নায়কক বাগিচা কৰ্তৃপক্ষ আৰু চৰকাৰ প্ৰশাসনে অৱহেলা কৰাৰ অভিযোগ উঠিছে। মইনা নায়কৰ ন্যায়ৰ দাবীত এতিয়া সৰৱ হৈ উঠিছে ছচিয়েল মিডিয়া ব্যৱহাৰকাৰী। লাওখোলা এৰাই যোৱাৰ ফলত গুৰুতৰভাৱে আহত মইনা নায়কক এখন সাধাৰণ এম্বুলেঞ্চেৰে জিএমচিএইচলৈ অনা কাৰ্যকো সহজভাৱে ল’ব পৰা নাই বহুতে।