নিউজ ডেস্কঃ সদৌ অসম চিনেমা হ’ল মালিক সন্থাই শুকুৰবাৰে ৰাজ্যখনৰ ১২টা চিনেমা হ’লৰ অৱস্থা অতিশয় শোচনীয় হোৱাৰ পৰিপ্ৰেক্ষিতত কৰ্মচাৰীসকলৰ অৱস্থা অতিশয় দুখজনক হৈ পৰিছে বুলি জানিবলৈ দিয়ে৷
সংবাদমেল এখনত ভাষণ প্ৰদান কৰি মালিক সন্থাই এইদৰে কয় যে তেওঁলোকে ক’ভিড-১৯ৰ লকডাউনৰ সময়ত বিগত ১০ মাহ ধৰি কৰ্মচাৰীসকলৰ ভৰণ-পোষণৰ দায়িত্ব লৈ আহিছে যদিও এতিয়া এয়া তেওঁলোকৰ ব্যয় সীমাৰ বাহিৰত হৈ পৰিছে৷
চিনেমা হ’লৰ মালিক সন্থাই অসমৰ মুখ্যমন্ত্ৰীক মৃতপ্ৰায় চিনেমা হ’লসমূহৰ উদ্ধাৰৰ বাবে আহ্বান জনাইছে৷ তেওঁলোকে বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকো সাক্ষাৎ কৰি এই সন্দৰ্ভত আহ্বান জনাব বুলি উল্লেখ কৰিছে৷